ভাৰতে ‘সস্তা আৰু বহনক্ষম’ চীনা সামগ্ৰীৰ প্ৰলোভন প্ৰতিৰোধ কৰিব নোৱাৰে! যি সময়ত ভাৰত চৰকাৰে চীনা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন স্বাৱলম্বী ভাৰতৰ কথা কৈ আছে, সেই সময়তে ভাৰতে চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িছে। ২০২২ চনত ভাৰতলৈ চীনা সামগ্ৰীৰ আমদানি অভিলেখ হাৰত বৃদ্ধি পাইছিল।
পৰিসংখ্যা অনুসৰি, ২০২২ চনত প্ৰথমবাৰৰ বাবে আমদানি কৰা চীনা সামগ্ৰীৰ পৰিমাণে ১০০ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰিছিল। যোৱা বছৰটোত চীনৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্ৰীৰ মুঠ মূল্য আছিল ১১৮.৫ বিলিয়ন আমেৰিকান ডলাৰ। যিটো ২০২১ চনত ৯৭.৫ বিলিয়ন ডলাৰ আছিল।
লগতে পঢ়ক: চিৰ্দিলৈ যোৱাৰ পথত নাছিকত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত নিহত কমেও ১০ জন; আহত ৩০ৰো অধিক
চীনা সামগ্ৰীৰ আমদানি এবছৰত প্ৰায় ২১ শতাংশ বৃদ্ধি পাইছে। উদ্বেগ ইয়াতে শেষ নহয়। ভাৰতে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ পৰিমাণৰ তুলনাত ৰপ্তানিৰ পৰিমাণ নগণ্য। এইটো যোৱা বছৰ আৰু হ্ৰাস পাইছিল। ২০২১ চনত চীনলৈ ৰপ্তানিৰ পৰিমাণ আছিল ২৮.১ বিলিয়ন ডলাৰ। ২০২২ চনত সেইটো আৰু ১৭.৪৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল।
এই পৰিসংখ্যাবোৰে স্পষ্টভাৱে দেখুৱাইছে যে লাডাখত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত যিমানেই ভাৰতীয়সকলে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান নকৰক কিয়, চীনা সামগ্ৰীৰ প্ৰতি দেশবাসীৰ আকৰ্ষণ একেবাৰে হ্ৰাস পোৱা নাই। একে সময়তে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান জনাইছিল সেয়াও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
প্ৰশ্ন উত্থাপিত হয়, যেতিয়া ভাৰত চৰকাৰে বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বিষয়ে দোহাৰি আছে, মেক ইন ইণ্ডিয়াৰ দৰে প্ৰকল্পৰ প্ৰচাৰৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে, তেতিয়া বিদেশী সামগ্ৰী, বিশেষকৈ ইমান বোৰ চীনা সামগ্ৰী আমদানি কৰাৰ প্ৰয়োজন কিয় হৈছে।
লগতে পঢ়ক: বিপদত বিডেন! ঘৰৰ পৰা উদ্ধাৰ গোপন চৰকাৰী নথিপত্ৰ; তদন্তত ট্ৰাম্পৰ ঘনিষ্ঠ এটৰ্নি
দৰাচলতে, চৰকাৰে চীনা সামগ্ৰীৰ যিমানেই বিৰোধিতা নকৰক, চীনা সামগ্ৰীৰ বজাৰ ইমানেই ব্যাপক যে ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই। তদুপৰি, এতিয়াও বহুতো চীনা সামগ্ৰী আছে যিবোৰ এতিয়াও ভাৰতত প্ৰস্তুত কৰা হোৱা নাই। স্বাভাৱিকতে নিশাটোৰ ভিতৰতে চীনা বজাৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা সম্ভৱ নহয়!