• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫ ছেপ্তেম্বৰৰ পৰা ‘অৰ্জুন’ হ’ব হিমা দাস; দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা বঁটা ল’ব হিমা আৰু মীৰাবাই চানুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2018 1:25 pm
Hima and Mirabai (1)
342
VIEWS
Share on FacebookShare on Twitter

২০১৮ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ হিমা দাস। দেশৰ নৱতম ট্ৰেকৰাণী তথা ক্ৰীড়াক্ষেত্ৰত এই বছৰটোতে দেশৰ হৈ কেইবাটাও বিৰল সন্মান কঢ়িয়াই অনা ২০ বছৰীয়া হিমাকে ধৰি জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাসহ ২০গৰাকী ক্ৰীড়াবিদৰ নাম এই বঁটাৰ বাবে অনুমোদন জনোৱা হৈছে।

উল্লেখ্য যে সংশ্লিষ্ট খেলবোৰৰ ৰাষ্ট্ৰীয় সংস্থাই প্ৰেৰণ কৰা অনুমোদনত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ‘মোহৰ’ লগোৱাৰ পাছতে এতিয়া মনোনীত খেলুৱৈসকলে অহা ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পৰা বঁটাসমূহ গ্ৰহণ কৰিব।

দেশৰ ক্ৰীড়াবিদৰ বাবে আগ বঢ়োৱা এই গৌৰৱ মুকুট নিশ্চিত হোৱাৰ খবৰে স্বাভাৱিকতে হিমাৰ লগতে আপ্লুত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক।

ইফালে এইবাৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বিশ্ব চেম্পিয়ন মণিপুৰী ভাৰোত্তোলক মীৰাবাই চানুৰ নাম যৌথভাৱে অনুমোদন জনোৱা হৈছে।

উল্লেখ্য যে, জাকাৰ্টাৰ এছিয়ান গেইমছ থকাৰ পৰিপ্ৰেক্ষিতত সচৰাচৰ ১৯ আগষ্টৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা অনুষ্ঠিত হৈ অহা বঁটা প্ৰদান অনুষ্ঠানটো এইবাৰ ২৫ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। খেল ৰত্ন বঁটাত নগদ চাৰে সাত লাখ আৰু অৰ্জুন বঁটা বিজয়ী খেলুৱৈয়ে লাভ কৰিব নগদ পাঁচ লাখ।

আনহাতে অসমৰ হিমা দাস আৰু নীৰজ চোপ্ৰাৰ উপৰি অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈসকল হৈছে জিনছন জনছন (এথলেটিকছ), এন ছিক্কী ৰেড্ডী (বেডমিণ্টন), সুতীষা কুমাৰ (বক্সিং), স্মৃতি মানধানা (ক্ৰিকেট), শুভাংকৰ শৰ্মা, মনপ্ৰীত সিং (হকী), সবিতা পুনিয়া (মহিলা হকী), ৰবি ৰাথোড় (প’ল’), ৰাহি ছাৰনোবাট, অংকুৰ মিট্টল, শ্ৰেয়াষী সিং (তিনিও শ্বুটিঙৰ), মণিকা বাট্ৰা, জি ছাথিয়ান (দুয়ো টেবুল টেনিছৰ), ৰোহন বোপান্না (টেনিছ), সুমিত (মল্লযুঁজ), পূজা কাদিয়ান (উশ্বু), অংকুৰ ধামা (পেৰা এথলেটিকছ), আৰু মনোজ সৰকাৰ (পেৰা বেডমিণ্টন)।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd