লতা মংগেশকাৰৰ ওচৰত চিৰঋণী হৈ থাকিব ভাৰতীয় ক্ৰিকেট, কিন্তু কিয়?

ক্ৰিকেট এতিয়া এক অভিজাত খেল। লাখ লাখ কোটি টকাৰ কথা এতিয়া জৰিত হৈ পৰিছে ক্ৰিকেটৰ সৈতে। কিন্ত ১৯৮৩ চনত যেতিয়া ভাৰতে বিশ্বকাপ জয় কৰিছিল সেই সময়ত ভাৰতীয় ক্ৰিকেটৰ অৱস্থা আজিৰ দৰে জয়জয় ময়ময় নাছিল। বিচিচিআইৰ অৱস্থা একপ্ৰকাৰ লাওলোৱা আছিল।

১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজক হৰুৱাই বিশ্বকাপ জয় কৰিছিল যদিও সেই সুখৰ দিনতো প্ৰাণ খুলি হাঁহিব পৰা নাছিল বিচিচিআইৰ কৰ্মকৰ্তাসকলে। কাৰণ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ ক্ৰিকেটাৰসকলক দিবলৈ তেতিয়া বিচিচিআইৰ হাতত ধন বুলিবলৈ একো নাছিল।

বিচিচিআইৰ তদানীন্তন সভাপতি এন কে পি চালভেই উপায় বিচাৰি উজাগৰী নিশা কটাইছিল।

ক্ৰিকেটৰ সৈতে জৰিত আন এগৰাকী ব্যক্তি ৰাজ সিং ডুংগৰপুৰে তেতিয়া চালভেক পৰামৰ্শ দিছিল যে ক্ৰিকেটাৰসকলক উপহাৰ দিব পৰাকৈ ধন সংগ্ৰহৰ বাবে যদি লতা মংগেশকাৰে এটা সাংস্কৃতিক সন্ধিয়া কৰে তেন্তে সমস্যাৰ নিশ্চয়কৈ অন্ত পৰিব। সেইমৰ্মে সকলো কথা বৰ্ণাই লতা মংগেশকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ল ।

লতা মংগেশকাৰেও খেলুৱৈ সকলক সহায় কৰাৰ মানসেৰেই সেই প্ৰস্তাৱত সন্মতি দিছিল।

নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হ’ল লতা মংগেশকাৰৰ কনচাৰ্ট।

উক্ত অনুষ্ঠানত কপিল দেৱৰ দলটোৰ লগতে প্ৰয়াত প্ৰাক্তন প্ৰধানমমন্ত্ৰী ৰাজীৱ গান্ধীও উপস্থিত আছিল।

লতাৰ ভাতৃ হৃদয়নাথ মংগেশকাৰে ৰচনা কৰা ‘ভাৰত বিশ্ব বিজেতা’ শীৰ্ষক গীতটিৰে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গ’ল।

দুঘণ্টা ধৰি গীত পৰিবেশন কৰাৰ বাবে লতা মংগেশকাৰে এটা টকাও লোৱা নাছিল। উক্ত অনুষ্ঠানৰ জৰিয়তে সংগ্ৰহ হৈছিল ২০ লাখ টকা। সেই সময়ত ২০ লাখ টকা মানে বহুত টকা।

বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ ১৪ জন সদস্যৰ প্ৰত্যেকেকে নগদ পুৰস্কাৰ হিচাপে ১ লাখ টকা দিয়া হৈছিল।

সংগীত সম্ৰাজ্ঞীৰ এনে উপকাৰ পাহৰা নাই বিচিচিআয়ে।

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে খেলা এদিনীয়া মেছৰ সময়ত সেয়ে ভাৰতীয় ক্ৰিকেটাৰসকলে ক’লা বেজ পৰিধান কৰি লতা মংগেশকাৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।