Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

WhatsApp Image 2021-12-06 at 7.11.52 AM

India’s Omicron tally ৰাজস্থানতো কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ আতংক বিয়পিল। ৰাজ্যখনৰ জয়পুৰত ৯জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ উপস্থিতি।

ইয়াকে ধৰি দেশত অ’মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পালে।

জয়পুৰত একেটা পৰিয়ালৰ চাৰিজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ। তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। তদুপৰি, চহৰখনত আৰু পাঁচজনৰ দেহত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে।

শনিবাৰে গুজৰাটৰ জামনগৰ আৰু মুম্বাইত ক্ৰমে দেশৰ তৃতীয় আৰু চতুৰ্থজন অ’মিক্ৰণ আক্ৰান্ত ব্যক্তি ধৰা পৰিছিল।

Also Read: অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা

সেইদৰে, তানজানিয়াৰ পৰা দিল্লীলৈ অহা এজন ৩৭ বছৰীয়া ব্যক্তিৰ শৰীৰত পঞ্চমটো আক্ৰান্তৰ সন্ধান পোৱা গৈছিল।

আনহাতে, দেওবাৰে মহাৰাষ্ট্ৰত ৭জনৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে। পুনে জিলাৰ এই ৭জনৰ ভিতৰত নাইজেৰিয়াৰ পৰা অহা এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ ভাতৃৰ শৰীৰতো পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি।

তদুপৰি, এই মহিলাগৰাকীৰ ভাতৃৰ দুই কন্যাও অ’মিক্ৰণত আক্ৰান্ত। ইয়াৰ উপৰি বিগত সপ্তাহত ফিনলেণ্ডৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ।