NORTHEAST NOW (Assamese)

মৰ্মান্তিক খৱৰ! কৰ্কট ৰোগত মৃত্যু অস্কাৰৰ বাবে মনোনীত ‘চেল্লো শ্ব’ৰ ১০ বছৰীয়া শিশু অভিনেতা

October 11, 2022 1:11 pm · এন ই নাও নিউজ, গুৱাহাটী

India’s Oscar entry Chhello Show’s child actor died in cancer ‘চেল্লো শ্ব’ৰ শিশু অভিনেতা ৰাহুল কোলিৰ কৰ্কট ৰোগত মৃত্যু হৈছে। এই ১০ বছৰীয়া শিশুটিৰ মৃত্যুৰ খবৰে চাৰিওফালে শোকৰ ছাঁ পেলাইছে। ‘চেলো শ্ব’ত  যি ছয় জন শিশু অভিনেতাক দেখা গৈছিল তাৰ মাজৰ এজন আছিল ৰাহুল।

উল্লেখ্য যে ইংৰাজীত ‘লাষ্ট ফিল্ম শ্ব’ হিচাপে জনাজাত এই ছবিখন ২০২৩ চনৰ অস্কাৰ বঁটাত আন্তৰ্জাতিক ফিচাৰ ফিল্ম শাখাৰ বাবে ভাৰতৰ পৰা মনোনীত হৈছে।

“ৰাহুলে ২ অক্টোবৰ, দেওবাৰে ৰাতিপুৱাৰ আহাৰো খাইছিল। অৱশ্যে, কেইঘণ্টামানৰ ভিতৰতে জ্বৰ ইমান বাঢ়িছিল যে তিনিবাৰ তেজ বমি হয়। তাৰপিছতে আমাৰ পুত্ৰই আমাক এৰি গুচি যায়। আমাৰ পৰিয়ালটো ভাঙি পৰিছে। কিন্তু আমি একেলগে তেওঁৰ শ্ৰাদ্ধৰ কাম সম্পূৰ্ণ কৰি ১৪ অক্টোবৰত মুক্তি পাবলগীয়া তেওঁৰ অন্তিমখন ছবি ‘লাষ্ট ফিল্ম শ্ব’ চাম,’’- শোকত ভাগি পৰা ৰাহুলৰ দেউতাক ৰামু কোলিয়ে কয়। ৰাহুল তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ আছিল।

‘চেল্লো শ্ব’ৰ বিষয়বস্তু হৈছে ভাৰতীয় চলচ্চিত্ৰ চেলুলইডৰ পৰা ডিজিটেললৈ অহাৰ পৰিক্ৰমা। চলচ্চিত্ৰখনৰ পৰিচালক পাল নলিনীয়ে কেমেৰাত তেওঁৰ জীৱনৰ কাহিনীকে বৰ্ণনা কৰিছে।

ছবিখন ১৪ অক্টোবৰত মুক্তি পাব। সমগ্ৰ দেশৰ ৯৫ খন পৰ্দাত ১৩ অক্টোবৰত  ছবিখনৰ প্ৰিমিয়াৰ হ’ব। টিকটৰ মূল্য হ’ব ৯৫ টকা। ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি টি এছ নাগাৱৰ্ণাই কৈছে যে ছবিখন সৰ্বসন্মতিক্ৰমে এছ এছ ৰাজামৌলীৰ আৰআৰআৰ, ৰণবীৰ-আলিয়াৰ ব্ৰহ্মাস্ত্ৰ, ৰাজকুমাৰ-ভূমিৰ বধাই দো আৰু আৰ মাধৱনৰ ৰ’কেট্ৰীৰ পৰা বাছনি কৰা হৈছে। ইয়াৰ আঁৰত আছে ‘চেল্লো শ্ব’ৰ কাহিনী-কথনৰ নতুনত্ব আৰু সাৰ্বজনীন আবেদন।

Related News