ৰাজধানী কিয়েভ আৰু অন্যান্য চহৰত ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত ইউক্ৰেইন বিধ্বস্ত হৈছে। ৰাছিয়াই কেইমাহমানৰ পিছত সোমবাৰে ইউক্ৰেইনত এক মাৰাত্মক আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৯ জন লোক নিহত আৰু কমেও ১০০ জন আহত হৈছে।
এনে পৰিস্থিতিৰ মাজতে ‘জ্বলা জুইত ঘি ঢলা’ দি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনক এক আধুনিক আকাশী প্ৰতিৰক্ষা প্ৰণালী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।
হোৱাইট হাউচে এটা বিবৃতিত কয় যে সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁ এই প্ৰতিশ্ৰুতি দিছে।
লগতে পঢ়ক: ৰাছিয়াৰ মিছাইল আক্ৰমণ; কিয়েভত লাইভ এৰি দৌৰিলে বিবিচিৰ সাংবাদিক বাচেগাই (চাওক ভিডিঅ’)
বিবৃতিটোত কোৱা হৈছে যে বিডেনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ফোনযোগে কথা পাতিছিল। তেওঁ ইউক্ৰেইনৰ সুৰক্ষাৰ বাবে আধুনিক আকাশী প্ৰতিৰক্ষা প্ৰণালীকে ধৰি প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।
ৰাছিয়া আৰু ক্ৰিমিয়াৰ মাজৰ একমাত্ৰ সংযোগী দলংখনত হোৱা বিস্ফোৰণৰ প্ৰতিশোধ স্বৰূপে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত মিছাইল আক্ৰমণ চলাইছিল। কেৱল সেয়াই নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰু অধিক “মাৰাত্মক” আক্ৰমণৰ ভাবুকি দিছে।
বিডেনৰ সৈতে হোৱা বাৰ্তালাপৰ পিছত জেলেনস্কিয়ে টুইট কৰি কয়, “আমাৰ প্ৰতিৰক্ষা সহযোগিতাত আকাশী প্ৰতিৰক্ষা এতিয়া প্ৰাথমিক অগ্ৰাধিকাৰ।”
লগতে পঢ়ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; আতংকময় ইউক্ৰেইনৰ পৰিস্থিতি কি?
কিয়েভে কৈছে যে ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ চহৰসমূহত ৮০ টাতকৈও অধিক মিছাইল নিক্ষেপ কৰিছে। ৰাছিয়াই চুবুৰীয়া বেলাৰুছৰ পৰা ইৰাণী ড্ৰোন ব্যৱহাৰ কৰিও আক্ৰমণ কৰিছিল।