পেৰালিম্পিকত এক নতুন অভিলেখ গঢ়ি জেভেলিনত স্বৰ্ণ পদক জয় ভাৰতৰ সুমিত এন্টিলৰ

পেৰিছ পেৰালিম্পিকত ভাৰতৰ জেভেলিন থ্ৰ’ৱাৰ সুমিত এণ্টিলে লাভ কৰিলে সোণৰ পদক। ফটোঃ সংগ্ৰহীত।

টকিঅ’ত সোণৰ পদক লাভ কৰিছিল। পেৰিছ পেৰালিম্পিকতো ভাৰতৰ জেভেলিন থ্ৰ’ৱাৰ সুমিত এণ্টিলে সোণৰ পদক লাভ কৰিলে। পেৰালিম্পিকত তেওঁ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ভাৰতীয় তাৰকাগৰাকীয়ে ৭০.৫৯ মিটাৰ জেভেলিন নিক্ষেপ কৰি পেৰালিম্পিকত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। দ্বিতীয়টো চেষ্টাত তেওঁ ৭০.৫৯ মিটাৰ নিক্ষেপ কৰে। আৰু এই থ্ৰ’ই তেওঁক এক নম্বৰলৈ পঠিয়াই দিলে।

তৃতীয় প্ৰচেষ্টাত সুমিতে ৬৬.৬৬ মিটাৰ জেভেলিন নিক্ষেপ কৰে। তেওঁৰ চতুৰ্থ থ্ৰ’টো ফাউল হৈছিল। পঞ্চম থ্ৰ’ত তেওঁ ৬৯.০৪ মিটাৰ জেভেলিন থ্ৰ’ কৰে। শেষৰ প্ৰচেষ্টাত তেওঁ ৬৬.৫৭ মিটাৰ থ্ৰ’ কৰে।

লগতে পঢ়কঃ ‘মোৰ ল’ৰাই ভাৰতৰত্ন পোৱা উচিত আছিল,জীৱন ধ্বংস কৰিছে ধোনীয়ে’; যুৱৰাজৰ পিতৃৰ বিস্ফোৰণ

পেৰালিম্পিকত সোণৰ পদক লাভ কৰা সুমিতক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মোদীয়ে লিখিছে, ‘ব্যতিক্ৰমী প্ৰদৰ্শন সুমিত। পুৰুষৰ এফ ৬৪ শাখাত সোণৰ পদক লাভ কৰাৰ বাবে সুমিতলৈ অভিনন্দন। তেওঁ অসাধাৰণ ধাৰাবাহিকতা দেখুৱাইছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টালৈ আন্তৰিক শুভেচ্ছা থাকিল।”

সুমিতে সৰুৰে পৰাই মল্লযুঁজাৰু হ’ব বিচাৰিছিল। কিন্তু দুৰ্ঘটনাৰ বাবে তেওঁ মল্লযুঁজৰ মেটত নমা নহ’ল। ৫৩ দিনৰ চিকিৎসাৰ অন্তত তেওঁক পুনেলৈ প্ৰেৰণ কৰা হয়। তাত তেওঁৰ কৃত্ৰিম ভৰি লগোৱা হৈছিল।

২০১৭ চনত পেৰা স্প’ৰ্টছৰ জগতত প্ৰৱেশ কৰিছিল সুমিতে। তেতিয়াৰ পৰাই সময়ৰ লগে লগে সুমিত এণ্টিলে নিজৰ দক্ষতা দেখুৱাইছে।

লগতে পঢ়কঃ ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

সোমবাৰে সুমিত এণ্টিলে স্বৰ্ণ কঢ়িয়াই অনাৰ পিছত প্ৰতিযোগিতাখনত ভাৰতৰ দখলত এতিয়া তিনিটা স্বৰ্ণ পদক। অৱনী লেখাৰা, নিতেশ কুমাৰৰ পিছত সুমিত এন্টিলে দেশলৈ সোণৰ পদক আনিলে।