জীৱনৰ ৰঙেৰে ৰাঙলী ৰঙালী! নিমাইজানৰ দ্বিজেন গগৈৰ থলুৱা লোকবাদ্যৰ সংগ্ৰহালয়ত উখল মাখল

bihu final

ফটো: নৰ্থইষ্ট নাও।

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ চৌদিশে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। ৰঙালীক আদৰিবলৈ এতিয়া সকলো ব্যস্ত।

এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নিমাইজানৰ দ্বীজেন গগৈৰ ঘৰত। থলুৱা লোকবাদ্য প্ৰস্তুত কৰা শিল্পী দ্বীজেন গগৈৰ ঘৰত এতিয়া ভিৰ কৰিছেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে। ক্ৰয় কৰিছে ঢোল, পেঁপা, গগনা, বীণ, ডবা ইত্যাদি।

বছৰৰ বাৰ মাহেই দ্বীজেন গগৈৰ ঘৰত বনোৱা হয় থলুৱা লোকবাদ্য। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি তেওঁৰ ওচৰত থলুৱা লোকবাদ্য বজোৱা আৰু প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লয়।

দ্বীজেন গগৈৰ ঘৰৰ সংগ্ৰাহলয়ত তেওঁ প্ৰস্তুত কৰা বিভিন্ন থলুৱা লোকবাদ্য সংৰক্ষণ কৰি ৰাখিছে। ঢোল, খোল, পেঁপা, গগনা, বীণ, টকা, বৃহৎ আকাৰৰ পেঁপা, ১৬ ফুট দীঘল বাঁহী, শংখৰাজ আদিকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ সংৰক্ষণ কৰি ৰাখিছে এই সংগ্ৰাহলয়ত।

দ্বীজেন গগৈয়ে নতুনকৈ জাৰণা নামৰ এটা বাদ্যযন্ত্ৰও আৱিস্কৰ কৰিছে।

এই থলুৱা লোকবাদ্যটো প্ৰস্তুত কৰাই নহয় সেই বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাবও জানে দ্বীজেন গগৈয়ে।

যোৱা বৰ্ষত লকডাউনৰ বাবে তেওঁ প্ৰস্তুত কৰা বাদ্যযন্ত্ৰসমুহ বিক্ৰী হোৱা নাছিল যদিও এই বৰ্ষত বিহুৰ পূৰ্বেই প্ৰায়বোৰ বাদ্যযন্ত্ৰ বিক্ৰী হোৱা বুলি আমাৰ আগত প্ৰকাশ কৰে।

২০১২ চনত এইগৰাকী শিল্পীক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰে অসম সাংস্কৃতিক মহাসভাই। ইয়াৰোপৰি নলবাৰী ছাত্ৰ সন্থা আৰু ব্যৱসায়ী সন্থাই ২০১৪ চনত মোহন ভাইৰা বঁটাৰে সন্মানীত কৰিছিল দ্বীজেন গগৈক।

দ্বীজেন গগৈৰ ন ন সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহ বঢ়াই তোলে।

নৰ্থইষ্ট নাও পৰিয়ালৰ তৰফৰ পৰাও দ্বীজেন গগৈৰ কৰ্মৰাজিক সন্মান জনোৱাৰ লগতে তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।