অসম বিদ্বেষী বাঙালী সংগঠনৰ ১৭ নৱেম্বৰৰ গণ সমাৱেশ প্ৰতিৰোধৰ আহ্বান জাতীয় সংগঠনৰ

assam-protests1

ফাইল ফটো

অসমৰ অস্তিত্বক সংকটলৈ থেলি দিব বিচৰা বহু বিতৰ্কিত ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ বাতিলৰ দাবীত পুনৰবাৰ অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয়-জনজাতীয় গণতান্ত্ৰিক দল-সংগঠনসমূহ একত্ৰিত হৈছে। জাতি-মাটি-ভেঁটিক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে অসমৰ স্বাৰ্থৰ বিপৰীতে মাত্ৰ ভোটৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচৰাটো কোনো কাৰণতে সহ্য কৰা নহয় থলুৱা সংগঠনসমূহে সঁকীয়াই দিছে।

সেয়েহে অহা ১৭ নৱেম্বৰত গুৱাহাটীত চৰকাৰী পৃষ্ঠপোষকতাত একাংশ অসম বিদ্বেষী বাঙালী সংগঠনে আয়োজন কৰিবলৈ লোৱা গণ সমাৱেশ যিকোনো প্ৰকাৰে প্ৰতিহত কৰিবলৈ মাৰ বান্ধি ঠিয় দিছে অসমৰ বিভিন্ন সংগঠন।

১৯ অক্টোবৰ শুকুৰবাৰে তিনিচুকীয়াত অনুষ্ঠিত এক যৌথ সংবাদমেলৰ যোগেদি এই কথা প্ৰকাশ কৰিছে ভালেকেইটামান  দল-সংগঠনে। অসম আৰু অসমীয়াৰ থলুৱা সত্ত্বাৰে চিৰবৈৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ অহা একাংশ অসম-বিদ্বেষী বাঙালী সংগঠন আৰু নেতা-পালিনেতাৰ চৰম ষড়যন্ত্ৰ মষিমূৰ  কৰিবলৈ একোটা ছাতিৰ তলত ঠিয় হৈছে অসমৰ এইসমূহ জাতীয় সংগঠন।

সংবাদমেলখনত  সংগঠনসমূহে অহা ১৭ নৱেম্বৰত গুৱাহাটীত অসম আৰু অসমীয়াক প্ৰত্যাহ্বান জনাই ২৬টা বাঙালী সংগঠনে আহ্বান জনোৱা ‘গণ সমাৱেশ’ প্ৰতিৰোধ কৰাৰ বাবে ৰাইজক একত্ৰিত কৰাৰ হেতুকে ২১ অক্টোবৰত জাতীয় সংগঠনসমূহে ঐক্যবদ্ধভাৱে এখন নাগৰিক সভাৰ আয়োজন কৰাৰ কথা সদৰী কৰিছে।