ইণ্ডিগ’ আৰু ফ্লায়বিগ এয়াৰলাইনে আৰম্ভ কৰিব ইটানগৰ এয়াৰপৰ্টলৈ বিমান সেৱা

IndiGo

অৰুণাচল প্ৰদেশৰ বহু প্ৰত্যাশিত ডনি পল’ এয়াৰপৰ্ট (ইটানগৰ) লৈ বিমান সেৱা অতি সোনকালে আৰম্ভ হ’ব। ইণ্ডিগ’ আৰু ফ্লায়বিগ এয়াৰলাইনে ইতিমধ্যে ইয়াৰ বাবে শ্লত বুকিং কৰিছে। আকাশ এয়াৰ আৰু স্পাইছজেটেও এয়াৰপৰ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।

ইণ্ডিগ’ এয়াৰলাইনে ইটানগৰৰ পৰা কলকাতালৈ আৰু ফ্লায়বিগ এয়াৰলাইনে ইটানগৰৰ পৰা গুৱাহাটীলৈ বিমান সেৱা আগবঢ়াব। পৰবৰ্তী সময়ত এলাইঞ্চ এয়াৰে ডিব্ৰগড়, তেজু, পাছিঘাট আদি ঠাইলৈ বিমান সেৱা সম্প্ৰসাৰণ কৰিব বুলি জানিব পৰা গৈছে।

দুয়োটি এয়াৰলাইনে ফ্ৰান্সত নিৰ্মিত এ.টি.আৰ. ৭২ টাৰ্বো প্ৰপ এয়াৰক্রাফট ব্যৱহাৰ কৰিব জনায়, উল্লেখ্য যে এই ধৰণৰ বিমান কম দূৰত্বৰ (১৫০০ কিলোমিটাৰ ৰেঞ্জ) আঞ্চলিক বিমান সেৱাৰ বাবে সমগ্ৰ বিশ্বতে জনপ্ৰিয়।

সাধাৰণতে ৭০ ৰ পৰা ৭৮ টা ছিতৰ এই বিমানৰ স্পিড ৫১০ কিলোমিটাৰ প্ৰতি ঘণ্টা, অৰ্থাৎ ইটানগৰৰ পৰা কলকাতাৰ দূৰত্ব ২ ঘণ্টাত অতিক্ৰম কৰিব পাৰিব।

ইতিমধ্যে ইণ্ডিগ’ এয়াৰলাইনে স্থানীয় যুৱক-যুৱতীক নিৰ্বাচিত কৰি পেছেনজাৰ হেণ্ডলিং সম্পৰ্কে প্ৰশিক্ষণ আৰম্ভ কৰিছে। ইয়াৰে বেছি সংখ্যক ভূমি অধিগ্ৰহণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বুলি এয়াৰলাইন কৰ্তৃপক্ষই জনাইছে।

এয়াৰপৰ্ট কাৰিকৰী দিশৰ পৰা সম্পূৰ্ণ হৈছে, কেৱল নাইট লেণ্ডিং ৰ বাবে লাইট ইঞ্চতলেচন বাকী আছে বুলি কাৰিকৰী বিষয়াই জানিবলৈ দিছে।

স্মৰ্ত্যব্য যে ডনি পল’ এয়াৰপৰ্ট (ইটানগৰ) প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই বিষয়ত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে অতি সোনকালে নিশ্চিত কৰিব বুলি এয়াৰপৰ্ট কৰ্তৃপক্ষই আশা কৰিছে।