IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

এটি বিশেষভাবে সক্ষম শিশুক বিমানত যাত্ৰা কৰিবলৈ নিদিয়াৰ বাবে ভাৰতৰ বিমান নিয়ন্ত্ৰক সংস্থা ডিজিচিএয়ে ইণ্ডিগো এয়াৰলাইনক ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে।

শিশুটোৱে ইণ্ডিগ’ৰ বিমানেৰে ৰাঁচীৰ পৰা হায়দৰাবাদলৈ ভ্ৰমণ কৰিব বিচাৰিছিল। কিন্তু বিমান পৰিবহন সংস্থাটোৱে শিশুটোক সেই অনুমতি দিয়া নাছিল।

বিশেষ ভাবে সক্ষম শিশুটোৰ ক্ষেত্ৰত কৰা এনে অবিচাৰৰ বাবেই আজি ডিজিচিএয়ে পাঁচলাখ টকাৰ জৰিমনা বিহে।

ডিজিচিএয়ে ৯ মে’ত ঘটনাটোৰ তদন্তৰ বাবে তিনিজনীয়া সমিতি গঠন কৰি দিছিল ।

সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে ডিজিচিএয়ে আজি বিমান পৰিবহন সংস্থাটোত জৰিমনা বিহে।

উল্লেখ্য দেশত ইয়াৰ পূৰ্বেও বিশেষভাবে সক্ষম লোকৰ ক্ষেত্ৰত একাধিক বিমান পৰিবহন সংস্থাই অবিচাৰ কৰাৰ অভিযোগ আছে।