দুবছৰৰ বিৰতিত পুনৰ মুকলি হ’ল ভাৰত-ভূটান সংযোগী প্ৰৱেশদ্বাৰ

ক’ভিড পৰিস্থিতিৰ কাৰণে বিগত দুটা বছৰে বন্ধ হৈ থকা ভাৰত-ভূটান সংযোগী প্ৰৱেশদ্বাৰ আজি মুকলি কৰা হয়।

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ কাৰণে ২০২০ চনৰ মাৰ্চ মাহত ভূটান চৰকাৰে দুয়োখন দেশৰ সাধাৰণ নাগৰিক তথা পৰ্যটকৰ যাতায়াত বন্ধ কৰি থৈছিল ভূটান চৰকাৰে ।

আজি অৰ্থাৎ ২৩ চেপ্তেম্বৰ তাৰিখে ভাৰত-ভূটান সীমান্তৰ অন্যান্য প্ৰৱেশদ্বাৰৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰি – গেলেংফু প্ৰৱেশদ্বাৰ মুকলি কৰা হয়৷ দুয়োখন দেশৰ প্ৰশাসনিক বিষয়া আৰু ৰাইজৰ উপস্থিতিত পৰম্পৰাগত ৰীতিনীতি অনুযায়ী অনুষ্ঠানিক ভাৱে এই প্ৰৱেশ দ্বাৰ মুকলি কৰা হয়।

ভূটান চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ভূটানী নাগৰিকৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত দাদগিৰি অঞ্চলৰ ব্যবসায়ী মহল উৎফুল্লিত হৈ পৰিছে ।