NORTHEAST NOW (Assamese)

কাজিৰঙাৰ এনিমেল কৰিডৰত আহত গঁড়ৰ সন্ত্ৰাস : বিভাগীয় গাড়ীত আক্ৰমণ 

August 13, 2021 6:13 pm · উত্তম শইকীয়া
Updated: August 13, 2021 6:15 pm

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী  এনিমেল কৰিডৰত বৃহস্পতিবাৰে গাড়ীৰ খুন্দাত আহত হোৱা গঁড়টোৱে আজি পুৱাৰে পৰা এনিমেল কৰিডৰটোৰ ৰাষ্ট্ৰীয় পথাংশত সন্ত্ৰাসৰ সৃষ্টি কৰে ৷

যাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত যানবাহনৰ চলাচলত ব্যাঘাতৰ সৃষ্টি হয় ৷ উন্মাদ প্ৰায় গঁড়টোৱে বন বিভাগৰ দুখনকৈ বাহনৰ ক্ষতিসাধন কৰে ৷

বৃহস্পতিবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিডৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন গাড়ীয়ে মহতিয়াইছিল গঁড়টোক ।

গাড়ীৰ খুন্দাত গঁড়টো ঘটনাস্থলীতে বাগৰি পৰিছিল আৰু কিছু সময়ৰ পিচতেই থিয় হৈ দুই এক পথচাৰীলৈ চোঁচা লৈ এনিমেল কৰিডৰটোৰ দক্ষিণ দিশৰ কাৰ্বি আংলঙৰ  বনাঞ্চলত প্ৰৱেশ কৰিছিল ৷

নিশা বনাঞ্চলতে আশ্ৰয় লোৱা গঁড়টোৱে আজি পুৱাৰে পৰাই হালধিবাৰী কৰিডৰৰ ৩৭ ৰাষ্ট্ৰীয় পথাংশত চলা যানবাহনত আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ৷

উন্মাদ প্ৰায় আহত গঁড়টোক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পথাবৰ বাবে বন বিভাগৰ দুটাকৈ বিভাগীয় হাতী ব্যৱহাৰ কৰিও ব্যৰ্থ হয় ৷ আজি বিয়লিলৈকে গঁড়টোৱে এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথাংশতে বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷

এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে গঁড়টোক ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠিয়াব পৰা নাই বনকৰ্মীসকলে ৷

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক খুন্দিয়াই আহত কৰা AS12 BC 8964 নম্বৰৰ টাটা ডি আই গাড়ীখনক পৰিবহন বিভাগৰ সহযোগত জব্দ কৰিছে বন বিভাগে৷

Related News