দুবছৰত সম্পূৰ্ণ হ’ব বাৰাউনী-গুৱাহাটী গেছ পাইপলাইন

ঘৰে ঘৰে পাইপলাইনেৰে ৰন্ধনগেছ যোগানৰ অভিলাসী প্ৰকল্প

ac05a24e8a739a7ff4ea161a339b83bd

অসমৰ ঘৰে ঘৰে পাইপলাইনেৰে ৰন্ধনগেছ যোগান ধৰাৰ এটা অভিলাসী প্ৰকল্প হাতত হোৱা হৈছে। ৪,০০০ কোটি ব্যয়সাপেক্ষ এই প্ৰকল্পটো ডুলীয়াজান নুমলীগড় পাইপলাইন (DNP) আৰু গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ (GAIL) অংশীদাৰিত্বত বাস্তৱায়িত কৰা হ’ব।

এই প্ৰকল্পটো ১৮ৰ পৰা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গুৱাহাটী আৰু শিলচৰৰ বাসিন্দাসকলক সামৰি লোৱা হ’ব।

পাইপলাইনেৰে বাৰাউনীৰ পৰা গুৱাহাটী আৰু আগৰতলাৰ পৰা শিলচৰলৈকে গেছ আহি পোৱাৰ পাচত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ডুলীয়াজান নুমলীগড় পাইপলাইন আৰু গেছ অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ উপৰিও পানেৰি তৈলক্ষেত্ৰৰ ডুলীয়াজানলৈ গেছ পৰিবহণৰ দায়িত্বত থকা অইল মেক্স নামৰ কোম্পানীটোকো এই প্ৰকল্পটোৰ অংশীদাৰিত্ব প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে।

এই পৰিকল্পনাত বৰ্তমান ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিক সংখ্যক চহৰক সামৰি লোৱাৰ লক্ষ্য ৰখা হৈছে।

উল্লেখ্য যে ডুলীয়াজান নুমলীগড় পাইপলাইন হৈছে আছাম গেছ কোম্পানী লিমিটেড (AGCL), নুমলীগড় শোধনাগাৰ লিমিটেড (NRL)  আৰু অইল ইণ্ডিয়া লিমিটেডৰ (OIL) এটা যুটীয়া উদ্যোগ হিচাপে ২০০৭ চনত প্ৰতিষ্ঠা হৈছিল।

বহু বছৰ ধৰি ডুলীয়াজান নুমলীগড় পাইপলাইনে নুমলীগড় শোধনাগাৰ লিমিটেডলৈ প্ৰাকৃতিক গেছ পৰিবহণ কৰি আহিছে। প্ৰতিৱেদন অনুসৰি, ডুলীয়াজান নুমলীগড় পাইপলাইনে নুমলীগড়লৈ ২০১৬-১৭ বৰ্ষত ২২৯.১২ মিলিয়ন আৰু ২০১৭-১৮ বৰ্ষত ২৬৭.৯২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (MMSCM)  গেছ পৰিবহণ কৰিছে।

কৰ্প’ৰেট ছচিয়েল ৰেস্পঞ্চিবিলিটী কাৰ্যস্থাৰ মাজেৰে মাজেৰে শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পৰিৱেস সুৰক্ষাক উদগনি দিয়া হৈছে কোম্পানীটোৰ প্ৰধান লক্ষ্য।