Inspired by crime web series এজন ১৪ বছৰীয়া কিশোৰে ৱেব ছিৰিজত ‘একচন হিৰো’ক দেখি নিজৰ লগতো বন্দুক ৰখাৰ চখত এটা ৰিভলভাৰ কিনিছিল। গুজৰাটৰ চুৰাটৰ বাসিন্দা নাবালক কিশোৰজনক বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
কিশোৰজনে আৰক্ষীক কয় যে তেওঁ অনলাইনত ‘ক্ৰাইম ছিৰিজ’ চাবলৈ ভাল পায়। এনে এটা ছিৰিজতে এজন অভিনেতাৰ হাতত বন্দুক দেখি তেওঁ অনুভৱ কৰে যে যদি তেওঁৰ ওচৰতো এটা বন্দুক থাকে তেন্তে তেওঁ তেওঁৰ বন্ধুবৰ্গৰ মাজত প্ৰশংসা লাভ কৰিব।
লগতে পঢ়ক: ন্যায়পালিকাৰ ওপৰত অনাস্থা গণতন্ত্ৰৰ বাবে বিপজ্জনক কথা : মুখ্য ন্যায়াধীশ এনভি ৰমনা
আৰক্ষীয়ে জানিব পাৰিছে যে তেওঁ উত্তৰ প্ৰদেশ ভ্ৰমণলৈ গৈ ৰাজা নামৰ এজন ব্যক্তিৰ পৰা ৬,০০০ টকাত এটা দেশীয় ৰিভলভাৰ ক্ৰয় কৰিছিল।
কিশোৰজনৰ বন্ধু আৰু চুবুৰীয়াসকলে আৰক্ষীক জনায় যে তেওঁ তেওঁলোকক বন্দুক দেখুৱাই ভাবুকি দিছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা অভিযোগ পোৱাৰ পিছতে কিশোৰজনক গ্ৰেপ্তাৰ কৰে। বন্দুকটোও জব্দ কৰা হয়। অৱশ্যে বন্দুকৰ ভিতৰত এটাও গুলী নাছিল।
নাবালক দোষী কিশোৰজনক জুভেনাইল জাষ্টিছ বোৰ্ডৰ সন্মুখত হাজিৰ কৰোৱা হয়। পিছত তেওঁক এটা জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক: গাত ঘহি ল’লে বাটৰ কচু! আৰক্ষীক গালি দিবলৈ ১২,০০০ বাৰ ফোন! গ্ৰেপ্তাৰ মহিলা
কোভিডকালীন সময়ত অনলাইন শিক্ষা আৰম্ভ হোৱাৰ বাবে শিশুসকল মোবাইলৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে। শিশুটোৱে ম’বাইলত অধ্যয়ন কৰি আছে নে ৱেব চিৰিজৰ প্ৰতি আসক্ত হৈ পৰিছে সেই বিষয়ে চকু ৰখাটো অভিভাৱকৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।