• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিষ্ঠাপক সভাপতি মহন্তৰ উপস্থিতিত অগপক সমালোচনাৰে থকা-সৰকা কৰিলে কোনে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 1, 2019 7:43 pm
Prafulla Mahanta

গুৱাহাটীৰ ৰাজগড়স্থিত পৰাগ কুমাৰ দাসৰ মূৰ্তিৰ কাষত বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱিসমাজৰ অৱস্থান ধৰ্মঘট। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক আঞ্চলিকতাবাদী শক্তি হৈয়ো ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ সৈতে মিত্ৰতাত থকাক কেন্দ্ৰ কৰি ভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছে অসম গণ পৰিষদ। সেইদৰে মঙ্গলবাৰেও অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিতে সংবাদ মাধ্যমৰ আগত অগপ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে বুদ্ধিজীৱি তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই।

তদুপৰি বিজেপিৰ লগত বৰ্তমানো মিত্ৰতা অৱ্যাহত ৰখা বাবে বিশিষ্ট বুদ্ধিজীৱি তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাইয়ো তীক্ষ্ণ ভাষাৰে  সমালোচনা কৰে অগপৰ নেতৃবৰ্গক।

উল্লেখ্য যে, কালি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে অনুমোদন গ্ৰহণ কৰাৰ উপৰিও অহা ৭ জানুৱাৰিত বিধেয়কৰ সপক্ষে সংসদত প্ৰতিবেদন দাখিল কৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতেই আজি গুৱাহাটীৰ ৰাজগড়স্থিত পৰাগ কুমাৰ দাসৰ মূৰ্তিৰ কাষত বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱিসমাজ একত্ৰিত হৈ অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

আনহাতে, তেওঁলোকে অহা ৭ জানুৱাৰিলৈকে উক্ত স্থানত পুৱা ১১ বজাৰ পৰা ১ বজালৈ ধাৰাবাহিকভাৱে অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সন্মুখতে অগপ দলটোক কঠোৰ সমালোচনা কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অগপ দলৰ নেতৃবৰ্গক সমালোচনা কৰি মনজিৎ মহন্তই কয় ‘’৮৫৫ গৰাকী চহিদৰ কেঁচা তেজৰ বিনিময়ত অসম গণ পৰিষদ শাসনলৈ আহিছিল তথা দলটো গঠন হৈছিল। সেই দলটোৱে অতি নিৰ্লজ্জভাৱে তিনিজন মন্ত্ৰী আৰু ৬-৭ জন বিভিন্ন বিভাগৰ অধ্যক্ষ পদৰ লালসাত সমগ্ৰ জাতিটোকে প্ৰতাৰণা কৰিছে।‘’

তদুপৰি, অসমৰ ৰাইজে তেওঁলোকক বাৰেপতি বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা ভংগ কৰি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছে যদিও তেওঁলোক ওলাই আহিব খোজা নাই বুলি মন্তব্য কৰে মনজিৎ মহন্তই।

মহন্তৰ মতে ‘’তেওঁলোকে শেষৰ দিনালৈকে বিজেপিৰ পৰা জোল খাব বিচাৰিছে।‘’

‘অগপ নেতৃত্বই কয় ‘বিধেয়ক গৃহীত হোৱাৰ দিনাই মিত্ৰজোঁটৰ পৰা ওলাই আহিম। কিয় বিলখন গৃহীত হোৱালৈকে অগপ ৰৈ থাকিব লাগে? অসমৰ ৰাইজ বেছি আত্মীয় নে গুজৰাটী নেতাকেইজন বেছি আত্মীয়?’- অগপ নেতৃত্বৰ প্ৰতি এই প্ৰশ্ন মনজিৎ মহন্তৰ।

ইপিনে, যোৱা পঞ্চায়ত নিৰ্বাচনত অগপ দলটোৱে অতি হতাশজনক প্ৰদৰ্শন লাভ কৰাক লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰে মনজিৎ মহন্তই।

‘’পঞ্চায়তৰ ফলাফল পোৱাৰ পাছতো অগপৰ চেতনা ঘূৰি অহা নাই। অগপই নিজকে অতি জাতীয়তাবাদী বুলি ক’লেও এতিয়া অতি ধুৰন্ধৰ নেতাকেইজনমানৰ বাবে দলটো বিপথে পৰিচালিত হৈছে,‘’-মনজিৎ মহন্তই এইদৰে কয়।

ইপিনে, অগপ দলৰ বৰ্তমানৰ স্থিতিক কেন্দ্ৰ কৰি সৰব হৈ পৰে বিশিষ্ট বুদ্ধিজীৱি তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা।

ডেকাই কয়, ‘’অসম গণ পৰিষদৰ দুতলীয়া কাৰবাৰৰ বাবে অসমৰ ৰাইজে তেওঁলোকক আস্থাত ল’ব পৰা নাই।‘’

ডেকাৰ মতে ‘’খিলঞ্জীয়াৰ সমস্যা সমাধানৰ বাবে অসম গণ পৰিষদ দলটোৰ জন্ম হৈছিল যদিও তেওঁলোকে আজি পৰ্য্যন্ত সমস্যাৰ সমাধান কৰিব নোৱাৰিলে। বৰঞ্চ ক্ষমতাৰ লোভত আদৰ্শগত মিল নথকা বিজেপিৰ সৈতে মিত্ৰতা কৰিলে।‘’

ইপিনে, প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিতে অগপ দলটোক কঠোৰ সমালোচনা কৰাৰ পাছতো সহ্য কৰি উপায়বিহীনভাৱে উক্ত অৱস্থান ধৰ্মঘটত প্ৰায় ১ ঘন্টা ধৰি বহি থাকে অগপৰ প্ৰাক্তন সভাপতিগৰাকী।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ দিশে গৈ থকাৰ সময়তো অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্ন সোধাত উপায়বিহীনভাৱে উত্তৰ দিয়ে অগপৰ অন্যতম জন্মদাতা মহন্তই। মহন্তই হতাশজনকভাৱে কয়, ‘‘অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত দলৰ মজিয়াত দলীয় নেতৃত্বই সিদ্ধান্ত ল’ব।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

August 16, 2025 3:01 pm
তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

August 16, 2025 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd