• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ

চাজিদ খান by চাজিদ খান
September 2, 2019 6:49 am
11-1-1140x570

দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছুৰ সভাপতি দীপাংক নাথে। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০১৯ দেওবাৰে চাৰিদিনীয় কাৰ্যসূচীৰে জালুকবাৰীৰ বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ অধীনত স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই মহোৎসৱৰ আয়োজন কৰিছে।

চাৰিটা বিভিন্ন মণ্ডলত মাণ্ডলিক মহোৎসৱ অনুষ্ঠিত কৰাৰ পাছত  বিশ্ববিদ্যালয়খনত কেন্দ্ৰীয়ভাৱে যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে।

এই বছৰ ৬৩খন বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় ৭০০ ছাত্ৰ-ছাত্ৰীয়ে মাণ্ডলিক পৰ্যায়ত নিৰ্বাচিত হোৱাৰ পাছত মহোৎসৱত অংশগ্ৰহণ কৰিছে।

শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে।

উপাচাৰ্য সন্দিকৈয়ে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কয় যে অধ্যয়নৰ লগতে সহ পাঠ্যক্ৰমৰ অনুশীলন ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক বিকাশৰ বাবে সমানেই গুৰুত্বপূৰ্ণ।

অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱখন এখন বিশাল মঞ্চ য’ত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে।

‘’সময়ে সময়ে, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি আহিছে,’’-গগৈয়ে কয়।

আছুৰ সভাপতি দীপাংক নাথে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে।

নাথে অসমৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰা বৰ্ণাঢ্য সাস্কৃতিক শোভাযাত্ৰাৰ প্ৰশংসা কৰে।

অনুষ্ঠানত উপস্থিত থাকি বিশ্ব্যবিদ্যালয়খনৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ সচিব ড০ ৰঞ্জন কুমাৰ কাকতিয়ে অংশগ্ৰহণকাৰী তথা দল পৰিচালকসকলক আদৰণি জনায়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড০ এইচ কে নাথ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি লাকিমনি বৰুৱা, সাধাৰণ সম্পাদক নয়নজ্যোতি গগৈৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd