নেদাৰলেণ্ডৰ দ্য হেগৰ আন্তৰ্জাতিক ফৌজদাৰী আদালতে (ICC) যুদ্ধ অপৰাধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে। তেওঁৰ বিৰুদ্ধে যুদ্ধৰ সময়ত ইউক্ৰেইনৰ পৰা শিশুসকলক অবৈধভাৱে বিতাড়িত কৰাৰ অভিযোগ আছে।
ইপিনে, হেগৰ আদালতে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে যদিও মস্কোৱে ইয়াক গুৰুত্ব দিয়া নাই।
হেগৰ আদালতৰ বিচাৰকসকলে প্ৰথমতে পৰোৱানা গোপন ৰখাৰ কথা ভাবিছিল। কিন্তু পিছত ইয়াক ৰাজহুৱা কৰাৰ সিদ্ধান্ত লোৱা হয়। বিচাৰকসকলে বিশ্বাস কৰে যে যদি এনে পৰোৱানা ৰাজহুৱা কৰা হয়, তেন্তে ই অনাগত দিনত এনে জঘন্য অপৰাধ সংঘটিত হোৱাটো হ্ৰাস কৰিব।
অৱশ্যে, ৰাছিয়াৰ বাবে এই ৱাৰেণ্টৰ কোনো গুৰুত্ব নাই। ক্ৰেমলিনে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি সেই আদালতৰ অধিকাৰ ক্ষেত্ৰত নপৰে। গতিকে তেওঁলোকে জাৰী কৰা যিকোনো ৱাৰেণ্টৰ কোনো অৰ্থ নাই।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয়, “ৰাছিয়া এই আদালতৰ বিচাৰৰ অধীন নহয়। গতিকে এই আদালতে কি ক’ব বিচাৰে আমি গুৰুত্ব নিদিওঁ।‘’
আনহাতে, প্ৰত্যাশিতভাৱে ইউক্ৰেইনে আদালতৰ এই আদেশক আদৰণি জনাইছে। দেশখনৰ সেনা বিষয়াই টুইট কৰি জনায়, “এইটো মাত্ৰ আৰম্ভণি। ”
ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ৰাছিয়াই ক্ৰমান্বয়ে ইয়াৰ আক্ৰমণ বৃদ্ধিহে কৰি আছে। ইউক্ৰেইনৰ বাহিনীয়েও যুঁজ অব্যাহত ৰাখিছে। পশ্চিমীয়া বিশ্বৰ দেশসমূহে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি ইউক্ৰেইনৰ পক্ষত থাকিবলৈ চেষ্টা কৰি আছে।
সেইদৰে চীন, ইৰাণৰ দৰে আমেৰিকা বিৰোধী কিছুমান দেশে পুটিনৰ কাষত থিয় দিছে। অনাগত দিনত এই যুদ্ধ কোন ফালে গতি কৰে তাকলৈ চিন্তিত আন্তৰ্জাতিক সম্পৰ্কৰ বিশেষজ্ঞসকল। তেওঁলোকৰ একাংশৰ দাবী যে হেগৰ আদালতৰ নিৰ্দেশ ভৱিষ্যতৰ বাবে এক স্পষ্ট ইংগিত। ই পুটিনৰ ওপৰত চাপ বৃদ্ধি কৰাৰ আশা কৰা হৈছে।