• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত; ৩ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 10:16 am
443
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে (১৫ ছেপ্টেম্বৰ) গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৱাহাটীৰ একাধিক স্থানত থকা কেইবাটাও কল চেণ্টাৰ আৰু ভুৱা কাষ্টমাৰ চাৰ্ভিচ চেণ্টাৰো আৰক্ষীয়ে ছীল কৰে।

তিনিজন ব্যক্তি- দেৱজ্যোতি দে ওৰফে ডেভিদ (৩১), ৰাজন সিদানা (৩৯), আৰু দিব্যম অৰোৰা (৩১)ক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা আন দুজন মাষ্টাৰমাইণ্ডক বৰপেটা জিলাৰ ভবানিপুৰৰ সমীপত গভীৰ নিশা বজালী আৰক্ষীৰ সহায়ত আটক কৰা হয়।

অভিযানৰ সময়ত কল চেণ্টাৰসমূহৰ পৰা ১৪৪ জন পুৰুষ আৰু ৪৭ জন মহিলাকে ধৰি মুঠ ১৯১ জন কৰ্মচাৰীক আটক কৰি ৰখা হয়। তেওঁলোক পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, আৰু ত্ৰিপুৰাৰ।

অভিযানৰ সময়ত ১৬৪টা ডেস্কটপ, ৯০টা লেপটপ, ২৬টা মোবাইল ফোন, আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট উদ্ধাৰ কৰা হয়।

গুৱাহাটীৰ চাইবাৰ আৰক্ষী থানাত আইপিচিৰ ১২০ (বি)/৪১৯/৪২০/৩৮৫/৪৬৭/৪৬৮/৪৭১/৫০৭ ধাৰাত আৰু তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ৬৫/৬৬/৬৬(বি)/৬৬(চি)/৬৬(ডি) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে ।

‘’চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত গুৱাহাটীত কিছুমান কেলেংকাৰী সংঘটিত কৰা চক্ৰ কাৰ্যকৰী হৈ আছে যিয়ে সমগ্ৰ ভাৰতবৰ্ষত কল চেণ্টাৰ চলোৱাৰ লগত জড়িত আৰু ব্যক্তিগত কম্পিউটাৰত আৰু “টেক ছাপৰ্ট”ৰ দ্বাৰা পপ-আপৰ সৃষ্টি কৰি টেক চাপৰ্ট ষ্টাফৰ ৰূপ লৈ সহজ সৰল ভাৰতীয় আৰু বিদেশী নাগৰিকক জালিয়াতি আৰু প্ৰতাৰণাৰ চিকাৰ কৰি লৈছে। বৈধ গ্ৰাহক সেৱাৰ প্ৰতিনিধিৰ ৰূপ লৈ ব্যক্তিক প্ৰতাৰণা কৰি তেওঁলোকৰ ধন বা ব্যক্তিগত তথ্যৰ পৰা প্ৰতাৰণা কৰি বিভিন্ন ভুৱা দাবীৰে বেংক একাউণ্টৰ ধন সৰকোৱা হৈছে, কম্পিউটাৰত ভাইৰাছ আছে, ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য বিপদত পৰা বুলি ভয় বা আশংকা সৃষ্টি কৰা হৈছে বা কম্পিউটাৰ বা ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰা হৈছে।’- এই মন্তব্য গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

বৰাই কয় যে এই চক্ৰটোৱে সহজ সৰল ভুক্তভোগীৰ পৰা লাখ লাখ টকা প্ৰৱঞ্চনা কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁলোকে নিজকে কোনো সুপৰিচিত কোম্পানী বা সংস্থাৰ বুলি দাবী কৰি অনাকাংক্ষিত ফোন কলৰ জৰিয়তে যোগাযোগ আৰম্ভ কৰিব আৰু তাৰ পিছত ভুক্তভোগীসকলক ঠগাই ৰিম’ট ডেস্কটপ চফটৱেৰ ইনষ্টল কৰিব বা তেওঁলোকৰ ব্যক্তিগত তথ্য নিয়ে বুলিও তেওঁ কয়।

ইয়াৰ পিছত চক্ৰটোৱে এই তথ্য ব্যৱহাৰ কৰি ভুক্তভোগীৰ বেংক একাউণ্টৰ পৰা ধন চুৰি কৰিব বা ডাৰ্ক ৱেবত তেওঁলোকৰ ব্যক্তিগত তথ্য বিক্ৰী কৰিব পাৰে বুলিও বৰাই লগতে কয়।

আৰক্ষীয়ে বিষয়টো অধিক তদন্ত কৰি পলায়ন কৰা মাষ্টাৰমাইণ্ডক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। লগতে এনে কেলেংকাৰিৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আৰু ফোনযোগে কোনো ব্যক্তিগত তথ্য নিদিবলৈ আহ্বান জনাইছে।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd