• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী আৰু ঢাকাৰ মাজত আৰম্ভ হ’ল আন্তৰ্জাতিক বিমান সেৱা; ফ্লেগ অফ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 7:29 pm
Chief Minister Sarbananda Sonowal at the launching programme of Spicejet international flight connecting Guwahati and Dhaka at LGBI Airport in Guwahati on 01-07-19.Pix by UB Photos

গুৱাহাটী আৰু ঢাকাৰ মাজত বিমান সেৱা মুকলি কৰাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো-য়ুবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী আৰু ঢাকাৰ মাজত আৰম্ভ কৰা প্ৰথমখন আন্তৰ্জাতিক বিমান আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আনুষ্ঠানিক ভাবে ফ্লেগ অফ কৰি এই বিমান সেৱাৰ শুভৰাম্ভ কৰে। পৰিবহন প্ৰতিষ্ঠান স্পাইচ জেটৰ অধীনৰ আন্তৰ্জাতিক বিমান সংযোগ আঁচনিৰ অধীনত গুৱাহাটী আৰু ঢাকাৰ মাজৰ এই বিমান সেৱাৰ শুভাৰম্ভ কৰে। পৰিবহন প্ৰতিষ্ঠান স্পাইচ জেটৰ অধীনৰ আন্তৰ্জাতিক বিমান সংযোগ আঁচনিৰ অধীনত গুৱাহাটী আৰু ঢাকাৰ মাজৰ এই বিমান সেৱা দৈনিক চলাচল কৰিব।

গুৱাহাটী আৰু ঢাকাৰ মাজৰ বিমান সেৱাৰ শুভাৰম্ভণি উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সোণোৱালে লগতে কয় যে অসমৰ সৈতে দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ ৰাজধানীলৈ প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়।

উল্লেখযোগ্য যে, আন্তৰ্জাতিক বিমান সংযোগ আঁচনিৰ অধীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰক গুৱাহাটী আৰু আছিয়ান তথা বি বি এন দেশসমূহৰ ৰাজধানীৰ সৈতে উড়ানৰ লেখীয়া আঁচনিৰ জৰিয়তে বিমান সেৱাৰ প্ৰাৰম্ভণৰ বাবে আহ্বান জনাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় ভাইয়েবিলিটি গেপ ফাণ্ডিঙৰ বাবে অসম চৰকাৰে তিনি বছৰৰ বাবে ১০০ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আগন্তুক কিছু মাহৰ ভিতৰত গুৱাহাটী আৰু বেংককৰ মাজত আন এখন বিমান সেৱা আৰম্ভ হোৱাৰ উপৰি কাঠমাণ্ডু, য়াংগুণ, হানাই আৰু কুৱালালামপুৰৰ মাজতো প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হ’ব।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত সমগ্ৰ উত্তৰ-পূবক কৰি অহা বঞ্চনাৰ দিশটো উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূবৰ দ্ৰুত উন্নয়নৰ দিশত লোৱা দৃষ্টান্তমূলক পদক্ষেপৰ বিষয়েও উল্লেখ কৰে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ দিশত লোৱা পদক্ষেপৰ ফলশ্ৰুতিতে আজি অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰীয়ে কাৰ্গো ফ্লাইটৰ জৰিয়তে ছিংগাপুৰ, আবুধাবিৰ লেখীয়া বজাৰত উপলব্ধ হোৱাৰ সুযোগ লাভ কৰিছে বুলি সোণোৱালে কয়।

অনুষ্ঠানত বক্তব্য ৰাখি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনবীৰ মনচুৰে গুৱাহাটী আৰু ঢাকাৰ মাজত আজি আৰম্ভ কৰা প্ৰত্যক্ষ বিমান সেৱাক এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰে। এই প্ৰত্যক্ষ বিমান সেৱাৰ ফলশ্ৰুতিত বাংলাদেশৰ ৰোগীয়ে ভাৰতৰ অন্যান্য মহানগৰীৰ পৰিৱৰ্তে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে অহাৰ দিশ সূচল হোৱাৰ উপৰিও সেই দেশৰ পৰ্যটকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নৈসৰ্গিক দৃশ্যৰাজি উপভোগ কৰাৰ বাবে অসমলৈ অহাটো সহজ হৈ উঠিল বুলি তেওঁ কয়।

অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসামৰিক পৰিবহন বিভাগৰ সচিব প্ৰদীপ সিং খাৰোলাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত শিক্ষান্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰৰ উপৰি অন্যান্য উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

ঢাকালৈ চলা আজিৰ প্ৰথমখন বিমানত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়ক কিশোৰ নাথ, প্ৰশান্ত ফুকন, অশোক শৰ্মা, ভৱেন্দ্ৰ নাথ ভৰালীৰ লগতে কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া ঢাকা অভিমুখে উৰা মাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd