ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পাহৰিলে বিজেপি চৰকাৰে: শিৱসাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ

IMG-20181206-WA0006

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰতি। ফটো : নৰ্থইষ্ট নাও

২০১৪ চনত বিজেপি চৰকাৰ শাসনলৈ আহিলে অযোধ্যাৰ নির্দ্দিষ্ট স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি ভিজন ডকুমেন্টত প্ৰকাশ কৰি হিন্দু সমাজক প্ৰতিশ্ৰুতি দিছিল। নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰে আজি পৰ্য্যন্ত সেই প্ৰতিশ্ৰুতি পালন নকৰি হিন্দু সমাজক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদে।

বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আৰতি কৰে। তাৰ পাছতেই জয়শ্ৰী ৰাম, ৰাম মন্দিৰ নিৰ্মাণ কৰক শ্ল’গানেৰে নগৰত এক শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰি  ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

শিৱসাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাইক ৰেলী। ফটো : নৰ্থইষ্ট নাও

স্মাৰক পত্ৰখনত সংগঠনটোৱে উল্লেখ কৰে যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল যে নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰ শাসনলৈ আহিলে সংসদত আইন প্ৰণয়ন কৰি বা আধ্যাদেশ জাৰি কৰি হ’লেও ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব।

ইয়াৰ লগতে গো হত্যা বন্ধ, বিদেশী বহিষ্কাৰ কৰা, নিৱনুৱাক ৰোজগাৰ প্ৰদান কৰাকে ধৰি বিভিন্ন প্ৰলোভনেৰে জনতাৰ সমৰ্থন আদায় কৰিছিল। কিন্তু শাসনাধিষ্ঠ বিজেপি চৰকাৰে আজি পৰ্য্যন্ত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে যাৰ বাবে আজি হিন্দু সমাজ হতাশাত ভুগিছে।

তদুপৰি কিছুদিন পূৰ্বে চুৰি হোৱা গুৱাহাটীৰ উগ্ৰতৰা মন্দিৰৰ  মূল্যৱান বিগ্ৰহ উদ্ধাৰ কৰি পুনৰ স্থাপন কৰা,  অসমৰ সত্ৰ, দেৱালয় সমুহৰ ভূমি বেদখল মুক্ত কৰা আদিকে ধৰি কেবাটাও দাবী উত্থাপন কৰি সংগঠনটোৱে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আনহাতে, ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত বজৰংগ দলে শিৱসাগৰৰ নগৰত এক বাইক ৰেলী উলিয়ায়। জনসাধাৰণৰ মাজত ৰাম মন্দিৰ নিৰ্মাণৰ জনজাগৰণ সৃষ্টি কৰিবলৈ এই বাইক ৰেলী বাহিৰ কৰা হৈছে বুলি সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়ে।