এইবাৰ বিদেশী শিক্ষাৰ্থীৰ ভিছা বাতিল কৰিলে আমেৰিকাই; ট্ৰাম্পৰ সিদ্ধান্তত কিহৰ ইংগিত?

101798768-india_students_2.1910x1000

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ সংকটে গোটেই বিশ্বকে অস্থিৰ কৰি তুলিছে। সংক্ৰমণৰ আতংকত বিশ্বজুৰি বন্ধ হৈ পৰিছে শিক্ষা প্ৰতিষ্ঠানসমূহ।

আমেৰিকাতো এতিয়া অধ্যয়নৰ বাবে একমাত্ৰ ভৰসা অনলাইন ক্লাছ।

কিন্তু মাৰাত্মক এই ভাইৰাছৰ আতংকত এইবাৰ দেশত বিদেশী শিক্ষাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিবলৈ অনিচ্ছুক আমেৰিকা।

সেয়েহে, বিদেশী শিক্ষাৰ্থীৰ বাবে থকা ভিছা বাতিল কৰা হ’ল।

কৰ’নাৰ সংক্ৰমণৰ ফালৰ পৰা বিশ্বৰ প্ৰথম স্থানত আছে আমেৰিকা। প্ৰতিদিনে যি হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাক লৈ উদ্বিগ্নতাত ভূগিছে দেশখন।

সেইদৰে দেশখনত লকডাউন প্ৰত্যাহাৰ কৰি অৰ্থনীতিৰ স্বাভাৱিক গতি ফিৰাই আনিবলৈ তৎপৰ হৈ পৰিছে ট্ৰাম্প প্ৰশাসন।

সেয়ে, অত্যধিক সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশকনে গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ।

আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেন্ট বিভাগৰ পৰা সোমবাৰে দেশখনত যিসকল শিক্ষাৰ্থীয়ে অনলাইন ক্লাছ কৰি আছে তেওঁলোকক দেশ এৰি যাবলৈ কোৱা হৈছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অনলাইন ক্লাছ কৰাৰ বাবে যিবোৰ পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলে আবেদন কৰিছে তেওঁলোকৰ ভিছা প্ৰত্যাহাৰ কৰা হ’ব।

আগন্তুক দিনত এনে ছাত্ৰ-ছাত্ৰীক আৰু ভিছা প্ৰদান কৰা নহ’ব।

ইনষ্টিটিউট অফ ইন্টাৰনেশ্যনেল এডুকেশ্যনৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, ২০১৮-১৯ৰ শিক্ষাবৰ্ষত আমেৰিকাত ১০লাখ বিদেশী শিক্ষাৰ্থী আহিছিল।

দেশখনত উচ্চ শিক্ষা লাভৰ বাবে এতিয়ালৈ যিমান শিক্ষাৰ্থী ভৰ্তি হৈছে তাৰ ভিতৰত ৫.৫ শতাংশই বাহিৰৰ পৰা আহে।

বিশ্বৰ আন দেশসমূহৰ তুলনাত আমেৰিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অহা আটাইতকৈ বেছি শিক্ষাৰ্থী হৈছে চীনৰ।

ইয়াৰ উপৰি, ভাৰত, দক্ষিম কোৰিয়া, চৌদি আৰৱ আৰু কানাডাৰ পৰাও বহু শিক্ষাৰ্থী আহে।

উল্লেখ্য যে আজি কিছুদিন আগৰে পৰা আমেৰিকাত বিদেশী কৰ্মীসকলক ভিছা দিয়াৰ ক্ষেত্ৰত কঠোৰ হৈছে ট্ৰাম্প চৰকাৰ।

ইতিমধ্যে, এইচ ৱান বি ভিছা প্ৰদান বন্ধ কৰা হৈছে আৰু একমাত্ৰ দক্ষতাসম্পন্ন তথা অধিক দৰমহাৰ কৰ্মীসকলকহে দেশখনত ৱৰ্ক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।