মাৰ্ঘেৰিটাৰ ইনথেমৰ মুগংপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিংফৌ সকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়ৰ দেওবাৰে নিশা সফল সামৰণি পৰিছে।
অসম-অৰুণাচল প্ৰদেশৰ চিংফৌ জনগোষ্ঠীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ সমাগমত মহামিলনৰ ক্ষেত্ৰলৈ পৰিণত হয় মাৰ্ঘেৰিটাৰ ইনথেম।
উল্লেখ্য যে একেলগে সৰহসংখ্যক লোকৰ অংশগ্ৰহণেৰে ঘণ্টা ঘণ্টা ধৰি কলাত্মক ভাৱে পৰিবেশিত হোৱা এক পৰম্পৰাগত নৃত্যানুষ্ঠানে সকলোকে দৃষ্টি আকৰ্ষণ কৰি আহিছে।
উত্তৰ পূবৰ অন্যতম সুসংগঠিত বৰ্ণময় ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয়ত পৰিলক্ষিত হয় এই দৃষ্টিনন্দন দৃশ্য।
জাতীয় সাজ পাৰ পৰিধানেৰে পূৰ্ব পুৰুষ স্বপং য়ঙক স্মৰণ কৰে স্বাভিমানী তথা জাতীয় সত্তাৰ প্ৰতি সচেতন চিংফৌসকলে।
জাতীয় সাজ-পাৰ পৰিধান কৰি এই উৎসৱত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী চিংফৌ ডেকা-গাভৰু গৌৰান্বিত।
বিয়লি জনগোষ্ঠীয় বিশিষ্ট লেখক ৰাজীৱ নিংখীয়ে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি ৰূপে অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱালে অংশগ্ৰহণ কৰি চিংফৌ জনগোষ্ঠীৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অৱলম্বন কৰা সচেতনতাক প্ৰশংসা কৰে।
তেওঁ জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিশ্বজনীন ব্যাপ্তিৰ প্ৰয়োজনীয়তাৰ কথা কয়। দক্ষিণ পূব এচিয়াৰ সৰ্ববৃহৎ জনগোষ্ঠীটো আজি বিভিন্ন অঞ্চলত বসবাস কৰি আহিছে। কৰ’বাত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পাৰিছে কৰবাত পৰা নাই। ইয়াৰ পাছতো নিজৰ লোকসংস্কৃতিৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে সদাসচেতন হৈ আহিছে বুলি সোণোৱালে কয়।
সভাত অৰুণাচলৰ বৰডুমছাৰ অতিৰিক্ত উপায়ুক্ত, বিচাৰজা বিচানং চিংফৌ, লুথং ৰজা, নিংৰু ৰজাৰ প্ৰতিনিধি চিংফৌ উন্নয়ন পৰিষদৰ সভাপতি লাগাই জওখং, অংযুন মাইঅ খাচং মাইঅ, গবেষক অসীম কুমাৰ বৰা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য দাঙি ধৰে।
সভাত ৰাজীৱ নিংখীৰ সম্পাদনাৰে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।
স্বকীয় সাজ পাৰ পৰিহিত জনগোষ্ঠীটোৰ আবাল বৃদ্ধ বনিতাই গীতৰ তালে তালে নাচি বাগি সুন্দৰ ফুলনিসদৃশ পৰিবেশৰ সৃষ্টি কৰে।
স্বপং য়ং হ’ল চিংফৌ জনগোষ্ঠীয় লোক সকলৰ আদি পুৰুষ। মানাও মানে হ’ল নৃত্য গীত আৰু পয় মানে হ’ল উৎসৱ। অৰ্থাৎ উপৰিপুৰুষ সকলৰ সন্তুষ্টিৰ অৰ্থে যি নৃত্য গীতৰ অনুষ্ঠান উৎসৱ ৰূপত আয়োজন কৰা হয় সেই উৎসৱৰ নামেই হ’ল স্বপং য়ং মানাও পয়।
দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত এই উৎসৱলৈ অসম অৰুণাচলৰ চিংফৌ তথা সমগোত্ৰীয় জনগোষ্ঠীয় ৰাইজৰ লগতে হিলদল ভাঙি আহে সকলো জাতি-জনগোষ্ঠীয় লোক।
অন্য বৰ্ষসমূহত ম্যানমাৰ,ইণ্ডোনেচিয়া থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত থাকে যদিও কৰ’না ভাইৰাচৰ বাবেই এইবাৰ অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে।