কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন; ৩৯ গৰাকী বন কৰ্মীক সম্বৰ্ধনা
বাঘ হ’ল অৰণ্যৰ আত্মা ৷ বাঘে জৈৱতন্ত্ৰ সংৰক্ষণ আৰু সন্তুলনত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে ৷ সমগ্ৰ বিশ্বৰ লগতে ২৯ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো দিন জোৰা কাৰ্যসুচীৰে আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় ৷
ব্যাঘ্ৰ দিৱস উপলক্ষে ২৯ জুলাইৰ পুৱা কাজিৰঙাৰ কহঁৰাত থকা বনবিভাগৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ প্ৰাংগনত স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বৃক্ষ ৰোপণ কৰা হয় ৷ বৃক্ষ ৰোপণ কাৰ্যসুচী উদ্বোধন কৰে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে ৷
পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কাজিৰঙাৰ হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ যৌথ উদ্যোগত শতবৰ্ষ সমাৰোহ কেন্দ্ৰতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ চিত্ৰাংকন প্ৰতিযোগিতাত স্থানীয় শিক্ষানুষ্ঠানৰ পৰা অহা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত ব্যাঘ্ৰ দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই মুখ্য অতিথি হিচাবে থকা এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা , ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱ, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, মহকুমা আৰক্ষী বিয়য়া অনিতা হাজৰিকা, স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু বনকৰ্মী সকল উপস্থিত থাকে ৷
ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সকলোকে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হৈ অনুষ্ঠানলৈ আদৰণী জনায়। অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ঢেকীয়াপতীয়া বাঘ, ইয়াৰ আৱাস আৰু সংৰক্ষণৰ ইতিহাস আৰু বিভিন্ন বষয় সামৰি প্ৰস্তুত কৰা এক সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিৰ্মাণ কৰা আৰু বিতোপন কলঙৰ পৰিচালনাৰে নিৰ্মিত কাজিৰঙাৰ বাঘৰ তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় ৷
অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা আৰু অংশগ্ৰহণ কৰা প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীকে মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয় আৰু বাঘৰ দ্বাৰা ক্ষতিগ্ৰস্ত ১৮ টা পৰিয়ালক বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা একালীন ক্ষতিপুৰণৰ চেক প্ৰদান কৰা হয় ৷
বিশ্ব ব্যাঘ্ৰ দিৱসৰ এই অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ একেৰাহে ২৫ বছৰৰো অধিক কাল ধৰি একেৰাহে সেৱা আগবঢ়োৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩৯ গৰাকী বনকৰ্মীক উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰ্থিক পুৰস্কাৰ, ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷
বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰা জাতীয় সংগীতেৰে আৰম্ভ হোৱা ব্যাঘ্ৰ দিৱসৰ এই অনুষ্ঠানলৈ কাজিৰঙাত কৰ্মৰত বেচৰকাৰী প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাউণ্ডেচন, ভুমি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ লগতে হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিয়েও সহযোগিতা আগবঢ়ায় ৷