• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Allegations Against Gujarat Minister: মহিলাক বন্দী কৰি ধৰ্ষণ; গুৰুতৰ অভিযোগত তদন্তৰ সন্মুখীন গুজৰাটৰ বিজেপি চৰকাৰৰ মন্ত্ৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 7:42 am
অৰ্জুন সিং চৌহান।

অৰ্জুন সিং চৌহান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Rape and confinement allegations against Gujarat Ministerমহিলাক উঠাই নি বন্দী কৰি ৰাখি ধৰ্ষণৰ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গুজৰাটৰ বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। প্ৰাক্তন পঞ্চায়তৰ মুৰব্বীয়ে তেওঁৰ পত্নীৰ সম্পৰ্কত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গুজৰাটৰ মন্ত্ৰীজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ আগবাঢ়িছে।

গুজৰাটৰ গ্ৰামোন্নয়ন মন্ত্ৰী অৰ্জুনসিং চৌহান এই অভিযোগৰ বাবে প্ৰশ্নৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। খেৰা জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকে এই কথা জানিবলৈ দিছে।

গুজৰাটৰ মহামেদাবাদৰ হালদাৰৱাছ গাঁৱৰ প্ৰাক্তন পঞ্চায়ত মুৰব্বীয়ে ডিএছপিৰ ওচৰত এটা লিখিত অভিযোগ দাখিল কৰিছিল যে মন্ত্ৰী অৰ্জুন সিং চৌহানে তেওঁৰ পত্নীক উঠাই নি অবৈধভাৱে বন্দী কৰি ৰাখিছিল। কেৱল সেয়াই নহয়, তেওঁৰ পত্নী ধৰ্ষণৰো বলি হৈছে।

Apply Now
অৰ্জুন সিং চৌহান।

তেওঁ কৈছিল যে অৰ্জুনসিং চৌহানে ২০১৫ চনত তেওঁৰ পত্নীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল য’ত তেওঁক অৱগত কৰা হৈছিল যে তেওঁ নিৰ্বাচনত তালুকা পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে। সেই সময়ত, তেওঁ জিলা বিজেপিৰ সভাপতি আছিল।

তেওঁৰ পত্নীয়ে সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। পৰৱৰ্তী বছৰৰ পৰা মন্ত্ৰীগৰাকীয়ে বাৰে বাৰে তেওঁৰ পত্নীক দলীয় সভাৰ নামত মাতি পঠাইছিল। তদুপৰি, ঘৰৰ পৰা বহু দূৰৰ ঠাইলৈ লৈ গৈছিল আৰু যৌন সম্পৰ্কত লিপ্ত হৈছিল। কেৱল সেয়াই নহয়, তেওঁ অভিযোগকাৰীৰ পত্নীক আন প্ৰভাৱশালী নেতাসকলৰ শয্যাসংগী হ’বলৈও বাধ্য কৰিছিল।

লগতে পঢ়ক: ’এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ’, চিকিৎসালয়ৰ পৰা ওলাই সাংবাদিকক ক’লে বংগৰ অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে

সেইদৰে, কৰ’নাকালীন পৰিস্থিতিৰ মাজত মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন আৰু বাঢ়ি  গৈছিল। প্ৰাক্তন পঞ্চায়ত মুৰব্বীজনে অভিযোগ মতে তেওঁৰ পত্নীয়ে তেওঁক অৰ্জুন সিং চৌহানে কেনেকৈ তেওঁৰ ওপৰত নিৰ্যাতন চলাইছিল সেয়া জনাইছিল। লকডাউনৰ সময়ত বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে তেওঁক কামৰ নামত মাতি নি প্ৰায়েই তেওঁৰ ঘৰত বন্দী কৰি ৰাখি নিৰন্তৰ যৌন উৎপীড়ন চলাইছিল।

অভিযোগকাৰীৰ ভাষ্য মতে, “সকলোবোৰ জনাৰ পিছত মই মোৰ পত্নীক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অপৰাধৰ অভিযোগ দাখিল কৰিবলৈ কৈছিলো। কিন্তু তেওঁ সন্মত হোৱা নাছিল। তেওঁ মোক বুজাইছিল যে অৰ্জুন সিং চৌহান ইমান প্ৰভাৱশালী যে আৰক্ষীৰ ওচৰত অভিযোগ কৰিলে গোটেই পৰিয়ালটোৰ ডাঙৰ ক্ষতি হ’ব পাৰে।”

কিন্তু তেওঁৰ পত্নীৰ সৈতে ইমান ডাঙৰ অন্যায় কৰা হোৱা দেখি হালদাৰৱাছ গাঁৱৰ প্ৰাক্তন পঞ্চায়ত মুৰব্বীজন মৌন হৈ থাকিব নোৱাৰিলে। দুমাহ পূৰ্বে তেওঁৰ পত্নীয়ে মন্ত্ৰীগৰাকীৰ ঘৰৰ পৰা পলাই গৈ আন এখন গাঁৱত আশ্ৰয় লয়। তাৰ পিছত তেওঁ পোনে পোনে জিলাখনৰ ডিএছপিগৰাকীৰ ওচৰলৈ যায় আৰু মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।

লগতে পঢ়ক: ৰাজ্যত সংঘটিত প্ৰতিটো এনকাউণ্টাৰৰ নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

উক্ত অভিযোগৰ ভিত্তিত ডিএছপিগৰাকীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলি আশ্বাস দিয়ে। বাতৰি অনুসৰি আৰক্ষীয়ে অৰ্জুনসিং চৌহানৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগৰ তদন্ত কৰিবলৈ প্ৰস্তুতি চলাইছে। অৱশ্যে সংবাদ মাধ্যমে যোগাযোগ কৰিলেও মন্ত্ৰীগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd