• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত সংঘটিত প্ৰতিটো এনকাউণ্টাৰৰ নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2022 9:03 pm
Encounter in Assam
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তত ২০২১ চনৰ মে’ মাহৰ পৰা সংঘটিত প্ৰতিটো আৰক্ষী এনকাউণ্টাৰ গোচৰৰ ওপৰত ছয় সপ্তাহৰ ভিতৰত নতুনকৈ প্ৰস্তুত কৰা তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে।

দিল্লীস্থিত অধিবক্তা আৰিফ জৱাড্ডাৰে দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে এই গোচৰসমূহৰ ক্ষেত্ৰত কোনো স্বতন্ত্ৰ তদন্ত কৰা হৈছে নেকি বা তদন্ত সম্পূৰ্ণ হৈছে নেকি সেই সন্দৰ্ভতো চৰকাৰক প্ৰশ্ন কৰে।

Apply Now

আৱেদনকাৰীক প্ৰতিনিধিত্ব কৰি অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দিছিল যে অসম আৰক্ষীয়ে ২০১৪ চনত পিপলছ ইউনিয়ন অৱ চিভিল লিবাৰ্টিজ (পিইউচিএল) বনাম মহাৰাষ্ট্ৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে ভুৱা এনকাউণ্টাৰৰ অভিযোগত নিৰ্ধাৰণ কৰা আইন অনুসৰণ কৰা নাই।

তেওঁ লগতে অসম চৰকাৰে এনকাউণ্টাৰৰ ক্ষেত্ৰত স্বতন্ত্ৰ তদন্ত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাও অনুসৰণ কৰা নাছিল বুলি আঙুলিয়াই দিয়ে।

উল্লেখ্য যে ২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ১৩ মাহৰ ভিতৰত সমগ্ৰ অসমত মুঠ ১৬১ টা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে।

অসম চৰকাৰে ইতিপূৰ্বে গোচৰটোৰ সন্দৰ্ভত আদালতত দাখিল কৰা প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ২১ মে’লৈকে এনকাউণ্টাৰত ৫১ জন লোকৰ মৃত্যু হৈছে আৰু ১৩৯ জন লোক আহত হৈছে।

উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত নতুন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত ৰাজ্য চৰকাৰে যোৱা ২০ জুনত শপতনামা দাখিল কৰাৰ সময়ত এনকাউণ্টাৰত মৃত্যু হোৱা আৰু তিনিটা ঘটনা অন্তৰ্ভুক্ত কৰিছিল।

এই সন্দৰ্ভত আবেদনকাৰী জৱাড্ডাৰে কয় যে এনে ধৰণৰ এনকাউণ্টাৰৰ তদন্ত চিবিআই, বিশেষ অনুসন্ধান দল (এছআইটি) বা আন এখন ৰাজ্য বা জিলা বা আৰক্ষী থানাৰ যিকোনো আৰক্ষী দলৰ দৰে স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা আদালতৰ তত্বাৱধানত হ’ব লাগে।

জৱাড্ডাৰে লগতে কয় যে এনকাউণ্টাৰত নিহত বা আঘাতপ্ৰাপ্ত ব্যক্তিসকল কোনো উগ্ৰপন্থী নহয়। তদুপৰি আৰক্ষীয়ে উল্লেখ কৰাৰ দৰে প্ৰতিগৰাকী অভিযুক্তই এজন প্ৰশিক্ষিত আৰক্ষী বিষয়াৰ পৰা এটা চাৰ্ভিচ ৰিভলভাৰ কাঢ়ি নিবলৈ সক্ষম হোৱাটোও অবিশ্বাস্য বুলি তেওঁ মন্তব্য কৰে।

উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক নতুনকৈ প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ২৯ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

July 20, 2026 11:14 pm
গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

July 20, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd