NORTHEAST NOW (Assamese)

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

June 29, 2025 7:36 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

সমগ্ৰ দেশতে ধৰ্ষণৰ ঘটনাই অভূতপূৰ্ব ৰূপ ধাৰণ কৰিছে। এই ভয়াৱহ পৰিস্থিতিত মহিলাক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা আৰক্ষীয়ে এতিয়া সমগ্ৰ ঘটনাৰ বাবে ইণ্টাৰনেট-মোবাইল আৰু মদ্যপায়ীক দোষাৰোপ কৰিছে।

ধৰ্ষণৰ কাৰণ সন্দৰ্ভত মধ্যপ্ৰদেশ আৰক্ষীৰ ডিজিপি কৈলাশ মাকৱানে কয় যে এই ঘটনাৰ আঁৰত সামাজিক অৱনতি জড়িত আছে। অকল আৰক্ষীয়ে কেনেকৈ চম্ভালিব?

মধ্য প্ৰদেশৰ উজ্জয়িনত সংবাদ মাধ্যমৰ মুখামুখি হয় ডিজিপিগৰাকী। ৰাজ্যত ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাৰ সন্দৰ্ভত সোধাত তেওঁ কয়, “ধৰ্ষণৰ ঘটনা বৃদ্ধিৰ আঁৰত বহু কাৰণ আছে। মই ভাবো যে এই সময়ছোৱাত মোবাইল ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে অশ্লীল বিষয়বস্তু সাধাৰণ মানুহৰ হাতলৈ গৈছে। মদ্যপান বৃদ্ধি পাইছে। মানুহে মোবাইল ফোনৰ জৰিয়তে যিকোনো ঠাইতে সহজে যোগাযোগ কৰিব পাৰে। ফলত মূল্যবোধৰ মৃত্যু হৈছে, নৈতিক অৱনতি ঘটিছে যুৱক-যুৱতীসকলৰ মনত বেয়া প্ৰভাৱ পৰিছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে একো কৰিব নোৱাৰে।

Related News