CAB বিৰোধী প্ৰতিবাদ; অসম, ত্ৰিপুৰাৰ পাছত মেঘালয়তো ইণ্টাৰনেট সেৱা বন্ধ

Representing Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ অসমত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত চৰকাৰে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ বাবে জনসাধাৰণৰ অধিকাৰ ভংগ কৰি ৰাজ্যখনৰ পৰা মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰাৰ পাছতে আজি চুবুৰীয়া ৰাজ্য মেঘালয়তো ইণ্টাৰনেট আৰু এছ এম এছ সেৱা কৰ্তন কৰিছে।

১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত অসমত বিধেয়ক বিৰোধী প্ৰতিবাদে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

১১ ডিচেম্বৰ আৰু আজিৰ দিনটোত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী, চি আৰ পি এফে বৰ্বৰভাৱে জপিয়াই পৰিছে।

প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীয়ে বৰ্বৰভাৱে লাঠি চাৰ্জ কৰি, ৰবৰৰ গুলী নিক্ষেপ কৰি খেদি পঠিওয়াৰ চেষ্টা কৰে।

গুৱাহাটীত আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী অসমীয়া ডেকা চহিদ হোৱাৰ উপৰিও বহুকেইগৰাকী আহত হৈছে।

অসমৰ প্ৰতিবাদৰ পাছত মেঘালয়তো আজি নাগৰিকত্ব সংশোধনী বিধেয়কে তীব্ৰ ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী সকলে শ্বিলঙৰ বিভিন্ন স্থানত দোকান-পোহাৰ ধ্বংস কৰাৰ উপৰিও যান-বাহন জ্বলাই দিয়ে।

শ্বিলঙৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মেঘালয় চৰকাৰে ৰাজ্যখনত ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট আৰু এছ এম এছ সেৱা বন্ধ কৰি দিয়াৰ লগতে পূব খাচি পাহাৰত সান্ধ্য আইন জাৰি কৰিছে।