• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Cricket In 2028 Olympics: বিশ্বকাপৰ মাজতে সুখবৰ; অলিম্পিকত পুনৰ দেখা যাব ক্ৰিকেট! গৃহীত প্ৰস্তাৱ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 8:22 am
2.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপৰ মাজতে ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক সুখবৰ। ১২৮ বছৰৰ পাছত ক্ৰিকেট অলিম্পিকলৈ ঘূৰি অহাৰ সম্ভাৱনা বাস্তৱত পৰিণত হ’বলৈ ওলাইছে। শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ কাৰ্যবাহী ব’ৰ্ডৰ বৈঠকে এই সিদ্ধান্ত চূড়ান্ত কৰে। দৰাচলতে আই অ’ চিয়ে ক্ৰিকেটক লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ মানি লৈছে।

যিহেতু এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, গতিকে অহা সোমবাৰে ক্ৰিকেটে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰিষদৰ সদস্য দেশসমূহৰ সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিলে ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত দেখা যাব ক্ৰিকেটৰ যুঁজখন। মন কৰিবলগীয়া যে ক্ৰিকেট নিৰ্বাচনত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বেছি।

লগতে পঢ়কঃ ভাগ্যই কৰিলে কোটিপতি; কৰ্মক্ষেত্ৰই আনিছে অশনি সংকেত: চিন্তিত আৰক্ষী বিষয়া

দীৰ্ঘদিন ধৰি আইচিচিয়ে ক্ৰিকেটক অলিম্পিক ক্ৰীড়া হিচাপে উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। অৱশেষত তেওঁলোকৰ এই প্ৰচেষ্টাই সফলতা লাভ কৰিবলৈ ওলাইছে। ইতিমধ্যে এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত ক্ৰিকেট দেখা গৈছে। ২০২৮ চনত ক্ৰিকেটাৰসকলেও অলিম্পিয়ানৰ মৰ্যাদা লাভ কৰিব নে নাই, তাৰ বাবে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব।

শুকুৰবাৰে বৈঠকৰ শেষত আই অ’ চিৰ সভাপতি থমাছ বাচে ঘোষণা কৰে যে ২০২৮ চনৰ অলিম্পিকত টি-২০ ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ বাবে লছ এঞ্জেলছ গেমছৰ আয়োজক সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। ক্ৰিকেটৰ বাহিৰেও লছ এঞ্জেলছ গেমছত স্কোয়াছকে ধৰি মুঠ ৫টা নতুন খেল দেখা যাব। ক্ৰিকেট আৰু স্কোয়াছৰ লগতে বেছবল/চফটবল, ফ্লেগ ফুটবল আৰু লেক্ৰছৰ বাবেও আয়োজক সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আই অ’ চিয়ে।

উল্লেখ্য যে এতিয়ালৈকে অলিম্পিকত ক্ৰিকেট এবাৰহে খেলা হৈছিল। ১৯০০ চনত পেৰিছ অলিম্পিক গেমছত গ্ৰেট বৃটেইন আৰু ফ্ৰান্সে ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। খেলখন কেৱল স্বৰ্ণ পদকৰ বাবেহে খেলা হৈছিল।

লগতে পঢ়কঃ বানপীড়িত ছিকিমলৈ ১ কোটি টকাৰ সাহায্য মেঘালয় চৰকাৰৰ

যদিও এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত কেইবাটাও দলে অংশগ্ৰহণ কৰিছিল, তথাপিও শীৰ্ষ স্থানত থকা ৰাষ্ট্ৰসমূহে কোৱাৰ্টাৰ ফাইনেলৰ পৰা পোনপটীয়াকৈ খেলপথাৰত প্ৰৱেশ কৰিছিল। পুৰুষ-মহিলাৰ টি-২০ ক্ৰিকেট লছ এঞ্জেলছত কমেও ৫টাকৈ দলক লৈ খেলা হব পাৰে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আইচিচিৰ ৰেংকিং অনুসৰি দল নিৰ্বাচন কৰা হব পাৰে।

𝘛𝘩𝘦 𝘱𝘳𝘰𝘱𝘰𝘴𝘢𝘭𝘴 𝘩𝘢𝘷𝘦 𝘣𝘦𝘦𝘯 𝘢𝘤𝘤𝘦𝘱𝘵𝘦𝘥 𝘢𝘴 𝘢 𝘱𝘢𝘤𝘬𝘢𝘨𝘦…

🆙 Next: Ratification by the IOC Session!

The proposal to include cricket, along with four other additional sports, for LA28 has been proposed by the EB to the IOC Session! 🏏#IOCSession pic.twitter.com/1W8sayJkvz

— Olympic Khel (@OlympicKhel) October 13, 2023

এনে ক্ষেত্ৰত ইংলেণ্ডে গ্ৰেট ব্ৰিটেইন হিচাপে খেলত অংশগ্ৰহণ কৰিব লাগিব। যদিহে ৱেষ্ট ইণ্ডিজে যোগ্যতা অৰ্জন কৰে তেন্তে কেৰিবিয়ান দ্বীপপুঞ্জৰ কোনো এখন দেশে এই ইভেণ্টত খেলিব লাগিব। যোৱা কমনৱেলথ গেমছত তেওঁলোকৰ আঞ্চলিক টি-২০ চেম্পিয়ন দেশ বাৰ্বাডোছে ৱেষ্ট ইণ্ডিজৰ হৈ খেলপথাৰত নামিছিল।

অলিম্পিকত ক্ৰিকেট খেল হ’লে ভাৰত পদক প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত অন্যতম হৈ পৰিব। স্কোয়াছতো ভাৰতৰ পদক লাভৰ সম্ভাৱনা অতি উজ্জ্বল। 

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd