মিত্ৰ হ’লেও পৰিষদৰ নিৰ্বাচনত আই পি এফ টিয়ে লগ নিদিয়ে বিজেপিক

bjp-ipft-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ সহযোগী দল ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰাই(আই পি এফ টি) আগন্তুক ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত।

আই পি এফ টিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু দলৰ মুখপাত্ৰ মংগল দেৱবৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা আমি এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছো।

তেওঁ লগতে কয় যে আমি প্ৰত্যেকটো নিৰ্বাচনতে বিজেপিৰ সৈতে মিলি প্ৰতিদ্বন্দ্বিতা কৰিব খোজো কিন্তু বিজেপিৰ নেতাসকলে আমাক গুৰুত্ব প্ৰদান নকৰে যাৰ বাবে আমি বিগত নিৰ্বাচন সমূহ অকলেই খেলিছো।

এনেবোৰ কাৰণৰ বাবেই হয়তো অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত অকলেই খেলাৰ ইংগিত দিছে আই পি এফ টিয়ে।

আগৰতলা প্ৰেছ ক্লাবত বুধবাৰে নিশা সাংবাদিকক সম্বোধন কৰা সময়ত মংগল দেৱবৰ্মাই কয়, ‘আই পি এফ টিয়ে অকলেই নিৰ্বাচন খেলিব যদিও মিত্ৰতা সন্দৰ্ভত বাকী দলৰ বাবে দুৱাৰ খোলা আছে’।

বিজেপিৰ সৈতে তেওঁলোক এতিয়াও চৰকাৰৰ সহযোগী হৈ আছে বুলি উল্লেখ কৰি স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলিও স্পষ্ট কৰি দিয়ে।

বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা বিজেপিয়ে আই পি এফ টিক কোনো ধৰণৰ বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিটত তেওঁলোকে পৰৱৰ্তী সময়ত অকলেই বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে ৬০ জনীয়া সদস্যৰে গঠিত ত্ৰিপুৰা বিধানসভাত বিজেপিৰ ৩৬ গৰাকী বিধায়ক থকাৰ বিপৰীতে আই পি এফ টিৰ আছে ৮ গৰাকী বিধায়ক।

ইফালে আই পি এফ টিয়ে অহা ২৩ আগষ্টৰ দিনটো ত্ৰিপ্ৰালেণ্ড ৰাজ্য দাবী দিৱস হিচাপে পালন কৰিব। এই উপলক্ষে খুমলুঙত আয়োজন কৰা অনুষ্ঠানত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মনিষ টামাং, বি পি এফ নেতা বিশ্বজিৎ দৈমাৰী, নিৰোধ ৰেড্ডী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলিও মংগল দেৱবৰ্মাই উল্লেখ কৰে।