‘তিপ্ৰালেণ্ড’ৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা বিজেপি মিত্ৰজোঁট আই পি এফ টিৰ

Mangal-Debbarma

আই পি এফ টিৰ সাধাৰণ সম্পাদক মংগল দেৱবৰ্মা। ফটো : নৰ্থ-ইষ্ট নাও

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ সহযোগী দল ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ আই পি এফ টিয়ে পৃথক ‘তিপ্ৰালেণ্ড’ৰ দাবীত অহা ২ ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

দলটোৰ সাধাৰণ সম্পাদক মংগল দেৱবৰ্মাই প্ৰতিবাদী কাৰ্যসূচীৰ কথা জানিবলৈ দি ইয়াৰ বাবে অহা ২৮ নৱেম্বৰত দলৰ সমৰ্থক, কৰ্মী আৰু নেতাসকলে আগতীয়াকৈ দিল্লীলৈ উৰা মাৰিব বুলি জনায়।

প্ৰতিবাদী কাৰ্যসূচীত ৫০০ লোক উপস্থিত থাকিব বুলি নেতাজনে উল্লেখ কৰে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি আই পি এফ টিয়ে ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদ সামৰি পৃথক ‘তিপ্ৰালেণ্ড’ ৰাজ্যৰ দাবী জনাই আহিছে।

এই সন্দৰ্ভত দেৱবৰ্মাই কয়, ‘কেন্দ্ৰীয় চৰকাৰে যদি লাডাখক ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে তেনেহ’লে কিয় তেওঁলোকে তিপ্ৰালেণ্ড গঠন কৰিব নোৱাৰে’।

তেওঁ লগতে কয় যে যি দৰে জম্মু কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চল (বিধানসভা অবিহনে) হিচাপে ঘোষণা কৰা হ’ল ঠিক সেইদৰে তিপ্ৰালেণ্ড গঠনৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো আই পি এফ টিয়ে বিচাৰে।

উল্লেখ্য যে পৃথক তিপ্ৰালেণ্ড ৰাজ্য গঠনৰ দাবীয়েই হৈছে আই পি এফ টিৰ মূল শ্লোগান। ইয়াৰ বাবে দলটোৱে বিগত বহু বছৰ ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

ইফালে এবছৰ পূৰ্বেই ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ বিভিন্ন বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ স্তৰৰ আৰ্হি প্ৰণয়নকাৰী সমিতি গঠন কৰি দিছিল। কিন্তু সমিতিখনে আজি পৰ্যন্ত কোনো ৰিপ’ৰ্ট নিদিয়াক লৈ এতিয়া সৰৱ হৈ পৰিছে আই পি এফ টি।