প্ৰকাশ পালে IPL-2020-ৰ সূচী; অনিশ্চয়তাত ওলমি থাকিল গুৱাহাটী

Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

IPL-2020-ৰ প্ৰাথমিক খেলবোৰৰ সূচী আজি প্ৰকাশ পাইছে আৰু শংকা কৰা মতেই খেলৰ স্থান হিচাপে গুৱাহাটী এতিয়াও অনিশ্চয়তাৰ মাজতে ওলমি ৰ’ল।

২৯ মাৰ্চত মুম্বাইত মুম্বাই আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ খেলেৰে এইবাৰৰ প্ৰতিযোগিতাখন আৰম্ভ হ’ব।

এইবাৰ গুৱাহাটীত নিচেই কমেও তিনিখন খেল অনুষ্ঠিত হ’ব বুলি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ লগতে ৰাজস্থান ৰয়েলছৰ সহ-স্বত্বাধিকাৰী মনোজ বেডেলেও যোৱা বছৰৰ ৬ নৱেম্বৰত ঘোষণা কৰিছিল যে দলটোৱে আগন্তুক আই পি এল ছিজনৰ বাবে গুৱাহাটীকো এখন নিজা স্থান (home venue) হিচাপে বিবেচনা কৰিছে।

এই কথাই অসম তথা গুৱাহাটীবাসী ক্ৰিকেটপ্ৰেমী আহ্লাদিত কৰি তুলিছিল।

গুৱাহাটীৰ নিজা দল যদিও নাই ৰাজস্থান ৰয়েলছত অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ চুক্তিবদ্ধ হৈছে আৰু গৃহ চহৰখনত তেওঁৰ যথেষ্ট অনুৰাগী আছে।

কিন্তু আজি ঘোষিত সূচীত দেখা গৈছে যে প্ৰকাশিত সূচীখনত ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছে। দুয়োখন খেলত এটা পক্ষ হ’ল ৰাজস্থান ৰয়েলছ আৰু প্ৰথমখনত আনটো পক্ষ দিল্লী কেপিটেলছ আৰু দ্বিতীয়খনত কলকাতা নাইট ৰাইডাৰ্ছ। দুয়োখন খেলেই সন্ধিয়াত।

উল্লেখ কৰিব পাৰি যে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হৈছে আৰু এই বাতৰি নৰ্থ-ইষ্ট নাওত সবিস্তাৰে প্ৰাকাশ পাইছিল।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছে যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মানহানিকৰ” হ’ব।

এই আইনী মেৰপেঁচ গুৱাহাটীক নিশ্চিত স্থান হিচাপে সূচীত ঘোষণা নকৰাৰ এটা কাৰণ হ’ব পাৰে।

অৱশ্যে সূচীখন প্ৰকাশ কৰোঁতে কোৱা হৈছে যে এই সূচীত যিকোনো কাৰণত আৰু বি চি চি আইৰ নিৰ্দেশত সালসলনি ঘটিব পাৰে।

এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ একাংশ সদস্যয়ো গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয়।

প্ৰসংগক্ৰমে ক’ব পাৰি যে যোৱা ৫ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ বাতিল হোৱা খেলখনৰ ঘটনাটোক লৈ বি চি চি আই সুখী নহয়।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2020/02/2020IPL_MATCH_SCHEDULE_compressed.pdf”]

ভাৰত-শ্ৰীলংকাৰ মাজৰ উক্ত টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ বিষয়ববীয়াৰ “school boy error” ৰ বাবে বাতিল হ’ব লগীয়া হৈছিল।

খেলখনৰ আৰম্ভণিত হোৱা বৰষুণৰ পিছত অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ গ্ৰাউণ্ড ষ্টাফে সেমেকা পিটছ শুকুৱাবলৈ ইস্ত্ৰি, ভেকুৱাম ক্লিনাৰ আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ সময়ত গুৱাহাটীত বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ সদস্য মামন মজুমদাৰ উপস্থিত আছিল।

আন এটা সূত্ৰৰ মতে, বি চি চি আইৰ গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলো গুৱাহাটী ষ্টেডিয়ামৰ অৱস্থা আৰু অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ প্ৰস্তুতিক লৈ আশ্বস্ত নহয়।

আনহাতে এপ্ৰিলত গুৱাহাটীত বৰষুণৰ সম্ভাৱনাও শেষ মুহূৰ্তত বাতিলৰ এটা কাৰণ হৈ উঠিব পাৰে।