আইপিএল ২০২৫ৰ বেটিঙ ৰেকেট উন্মোচন: পঞ্জাব কিংছ-চেন্নাই ছুপাৰ কিংছৰ মেচত লাইভ বেটিঙৰ সময়ত দুজন গ্ৰেপ্তাৰ
আইপিএল ২০২৫ চলি থকাৰ সময়তে দিল্লী আৰক্ষীৰ বিশেষ কোষে অবৈধ বেটিঙৰ বিৰুদ্ধে এক সফল অভিযান চলাই। দিল্লীৰ নাৰেলা অঞ্চলৰ স্বতন্ত্ৰতা নগৰত চলি থকা এক বৃহৎ জুৱাৰ ৰেকেট উন্মোচন কৰি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জোৱাত ব্যৱহাৰ হোৱা পাঁচটা মোবাইল ফোন, অত্যাধুনিক “ডাব্বা” যন্ত্ৰ, এল ই ডি টিভি, আৰু বাজিৰ সম্পৰ্কীয় দস্তাবেজ জব্দ কৰিছে।
এক গোপন সূত্ৰই আৰক্ষীক প্ৰদান কৰা তথ্য আনুসৰি নাৰেলাৰ স্বতন্ত্ৰতা নগৰত কেইবাদিনো ধৰি আইপিএল ক্ৰিকেট খেলত অবৈধ বেটিঙ চলি আছে। বিশেষভাৱে পঞ্জাব কিংছ (পি বি কে এছ) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)-ৰ মাজত অনুষ্ঠিত মেচৰ সময়ত মোবাইল আৰু ইলেক্ট্ৰনিক গেজেটৰ সহায়ত লাইভ বেটিং চলি থকা বুলি জানিব পৰা যায়।
এই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটো সন্দেহজনক স্থানত অভিযান চলায়। অনুসন্ধানৰ সময়ত “OM 777” নামৰ এটা বেটিং এপ ব্যৱহাৰ কৰি চনী এল ই ডি টিভিত ২০-২০ আইপিএল মেচ লাইভ টেলিকাষ্ট কৰি দুজন লোকক লাইভ বেটিঙত লিপ্ত হৈ থকা অৱস্থাত ধৰা পেলাই।
গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে ৰোহিত কুমাৰ আৰু তেজেন্দৰ সিং। আৰক্ষীৰ মতে, ৰোহিত কুমাৰ বাজিৰ লেনদেনৰ হিচাপ ৰখাৰ দায়িত্বত আছিল, আৰু তেজেন্দৰ সিঙে বিভিন্ন মোবাইল আৰু ডাব্বা নামৰ বিশেষ যন্ত্ৰৰ সহায়ত যোগাযোগ নিয়ন্ত্ৰণ কৰি আছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে।
অভিযানত নগদ ২০,০০০ টকাৰ৫০০ টকীয়া নোট, সক্ৰিয় চিমযুক্ত ৫টা মোবাইল ফোন, ৫টা স্মাৰ্ট মোবাইল ফোন, মাইক্ৰফোন সংলগ্ন বাদামী ৰঙৰ যোগাযোগ বক্স, বাজিৰ লেনদেন ৰেকৰ্ডিং কৰা ডায়েৰী, চনী এল ই ডি টিভি জব্দ কৰা হয়।
দিল্লী আৰক্ষীয়ে কয় যে আইপিএল চলি থকাৰ সময়ত এই ধৰণৰ অবৈধ বেটিং ৰেকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব আৰু আগন্তুক দিনত এনে অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে আৰক্ষীয়ে।