NORTHEAST NOW (Assamese)

আজি গুৱাহাটীত IPL-ৰ জ্বৰ! বৰ্ষাপাৰাত সমুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ

March 30, 2025 11:05 am · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীৰ বতাহত বলিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনা। আজি গুৱাহাটীত অনুষ্ঠিত হব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন মেচ। বৰ্ষাপাৰাত IPLৰ মহাৰণত নামিব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। সন্ধিয়া ৭ঃ৩০ বজাৰ লগে লগে বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হব দুয়োটা দলৰ মহাৰণ।

আজিৰ মেচখনক লৈ অধিক উৎকণ্ঠিত হৈ পৰিছে ক্ৰিকেটানুৰাগী। কিয়নো গুৱাহাটীত প্ৰথমবাৰলৈ IPL খেলিবলৈ আহিব মহেন্দ্ৰ সিং ধোনী। ঋতুৰাজ গায়কোৱাডৰ নেতৃত্বত গুৱাহাটীত প্ৰথমবাৰলৈ IPLৰ মেচ খেলিব চেন্নাই ছুপাৰ কিংগছে। ৰিয়ান পৰাগৰ নেতৃত্বত জয়ৰ লক্ষ্যৰে তৃতীয়খন মেচত মুখামুখি হব চেন্নাই ছুপাৰ কিংছৰ সৈতে।

ৰিয়ান পৰাগৰ নেতৃত্বত আৰম্ভণিৰ দুখন মেচত ধাৰাবাহিকভাৱে পৰাজয় বৰণ কৰাৰ পাছত ৰাজস্থান ৰয়েলছৰ বাবে দেওবাৰৰ মেচখন হব অতি তাৎপৰ্যপূৰ্ণ। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পৰাস্ত হোৱা ৰয়েলছৰ এইবাৰ জয়ৰ লক্ষ্যৰে যুঁজ দিব চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে।

সোমবাৰৰ পৰা গুৱাহাটীত বাহৰ পতা ৰাজস্থান ৰয়েলেছ অব্যাহত ৰাখিছে অনুশীলন। আনফালে কালি গুৱাহাটীত উপস্থিত হৈছে চেন্নাই ছুপাৰ কিংছ। গুৱাহাটীত উপস্থিত হৈ আজি নৈশ ৰেডিশ্বন ব্লু’ত কটাব দলটোৱে। অৱশ্যে গুৱাহাটীত অনুশীলন নকৰাকৈয়ে ACA ষ্টেডিয়ামত IPLৰ মহাৰণত নামিব চেন্নাই ছুপাৰ কিংছ।

Related News