আজিৰে পৰা আৰম্ভ আধৰুৱা IPLৰ দ্বিতীয় পৰ্বৰ মহাৰণ; প্ৰথম মেচত চেন্নাইৰ মুখামুখি হ’ব মুম্বাই

MIvsCSK

কৰ’না ভাইৰাছৰ বাবেই ইংলেণ্ডৰ বিপক্ষে অ’ল্ড ট্ৰেফ’ৰ্ড টেষ্ট নেখেলাকৈ ওভতে টীম ইণ্ডিয়া। সেইদৰে নিৰাপত্তাৰ আশংকাত খেলপথাৰত নমাৰ কিছুসময় পূৰ্বেই পাকিস্তান ভ্ৰমণ বাতিল কৰিলে নিউজিলেণ্ডে।

ক্ৰিকেট মহলত এই দুয়োটা ছিৰিজৰ বিষয়েই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু এই চৰ্চাক একাষৰীয়াকৈ ৰাখি পুনৰ আজিৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ।

উল্লেখ্য যে কৰ’নাৰ বাবেই মে’ মাহত বন্ধ হৈছিল আইপিএলৰ খেল। সন্মুখত বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ হ’বলৈ আগবাঢ়িছে আধৰুৱা হৈ থকা আইপিএলৰ দ্বিতীয় পৰ্ব।

আইপিএলৰ এই দ্বিতীয় পৰ্বত আৰৱ এমিৰেটাছত ৩১খন মেচ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্বৰ আৰম্ভণিৰ দিনটোতে মুখামুখি হ’ব মহেন্দ্ৰ সিং নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ বনাম ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ।

যোৱা মে’ মাহত বন্ধ হোৱাৰ সময়ত ৮খন মেচৰ ৬খনত জয়লাভ কৰি ১২ পইন্টেৰে সকলোৰে শীৰ্শত আছে দিল্লী চাৰ্জাৰ্ছ।

ধোনীৰ চেন্নাই ছুপাৰ কিংছ ৭খন মেচত ১০ পইন্ট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৭খনত ১০ পইন্ট লাভ কৰি তৃতীয় স্থানত আছে।

আনহাতে, ৭খন মেচৰ পৰা ৮পইন্ট লাভ কৰা মুম্বাই ইণ্ডিয়ানছ আছে চাৰি নম্বৰ স্থানত। ইপিনে, কলকাতা নাইট ৰাইজডাৰ্ছে ৭খনৰ মেচৰ পৰা ৪পইন্ট সংগ্ৰহ কৰাৰ বিপৰীতে মাত্ৰ ২ পইন্টেৰে প্ৰতিযোগিতাখনৰ একেবাৰে তলত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ।