হোটেলত বন্দী, খাদ্য বন্ধ কৰি দি শাস্তি আই পি এল তাৰকাক! দিল্লীৰ কাণ্ডক লৈ তোলপাৰ ক্ৰিকেটমহল

আয়ুস বদোনি। ফাইল ফটোঃ সংগ্ৰহীত।

ৰঞ্জী ট্ৰফীত দিল্লীয়ে দুৰ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে। একেৰাহে দুখন মেচত পৰাস্ত হৈছে দিল্লী। তৃতীয়খন মেচতো দিল্লীৰ অৱস্থা অনুকূল নহয়। এনে পৰিস্থিতিত দিল্লী নতুন বিতৰ্কৰ মাজত সোমাই পৰিছে। বিতৰ্কৰ কেন্দ্ৰবিন্দু তাৰকা বেটছমেন আয়ুস বদোনি।

লক্ষ্ণৌৰ জাৰ্চি পিন্ধি বিস্ফোৰক প্ৰদৰ্শনৰ বাবেই আই পি এলৰ অন্যতম চিনাকি মুখ হিচাপে পৰিগণিত হৈছে বদোনি। অৱশ্যে তেওঁকেই হেনো এইবাৰ হোটেলতে আৱদ্ধ কৰি ৰাখিলে দিল্লীয়ে।

দিল্লীৰ দুৰ্বল প্ৰদৰ্শনৰ লগতে নিজৰ প্ৰদৰ্শনতো ৰানহীনতাৰ সন্মুখীন হৈছে আয়ুস বদোনি। দিল্লীৰ কৰ্মকৰ্তাসকলে তেওঁক শিক্ষা দিয়াৰ বাবে এক নতুন পন্থা অৱলম্বন কৰিলে। তেওঁক হোটেলৰ কোঠা এটাত বন্ধ কৰি ৰখা হ’ল।

এই ছিজনত দিল্লীয়ে পাঁচ ইনিংছত তিনিবাৰ বেটিং কৰি ২০০ ৰানৰ সীমাও অতিক্ৰম কৰিব নোৱাৰিলে। ব্যক্তিগত সৰ্বোচ্চ ৰান হৈছে বৈভৱ কণ্ডপালৰ ৪৯।  তাৰ পিছত শুকুৰবাৰে যশ ধুলৰ ৪৫।

লগতে পঢ়কঃ বাহ ওস্তাদ বাহ! ৰাহাত ফাতেহ আলী খানৰ এয়া কি ৰূপ; সৰু কথাতে নিজৰ শিষ্যক নিৰ্মম প্ৰহাৰ

বৰ্তমানৰ খেলখনত শুকুৰবাৰে দিল্লীৰ বিৰুদ্ধে উত্তৰাখণ্ডে ৯৮/৪ উইকেটত দিনটো সমাপ্ত কৰে। তাৰ ভিতৰত নৱদীপ ছাইনীয়ে অকলে তিনিটা উইকেট দখল কৰে। আগৰ মেচখনত খেলা আয়ুস বদোনিৰ ঠাইত ক্ষীতিজ শৰ্মাৰ খেলিবলৈ দিয়া হৈছে। ক্ষীতিজ ব’ৰ্ডৰ প্ৰাক্তন বিষয়াৰ ঘনিষ্ঠ।

বিস্ফোৰকভাৱে ডিডিচিএ (দিল্লী আৰু জিলা ক্ৰিকেট সন্থা)ৰ এজন কৰ্মকৰ্তাই সংবাদ মাধ্যমৰ আগত কয়, ‘ক্ষীতিজক খেলাবলৈ ওপৰ মহলৰ পৰা হেঁচা আহিছিল। আৰু বডোনিক ১৫জনৰ বাহিৰত ৰখা হৈছে যাতে তেওঁ ব’ৰ্ডৰ মেচ মাচুল নাপায়। নিয়ম অনুসৰি দলৰ ১৫ গৰাকী খেলুৱৈয়ে লাভ কৰে ব’ৰ্ড মেচৰ মাচুল। দলৰ বাহিৰত থকাৰ বাবে আৰু খেলুৱৈ আৰু মেচ অফিচিয়েল এলেকাত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে তেওঁক হোটেলত আৱদ্ধ কৰি ৰখা হৈছিল।”

প্ৰশ্ন উঠে যে আয়ুস বদোনিয়ে ভিভিআইপি ষ্টেণ্ডৰ পৰাই খেল উপভোগ কৰিব পাৰিলেহেঁতেন! প্ৰত্যুত্তৰত মেনেজাৰে ক’লে, “আমি টিম মেনেজাৰজনক পৃথক কৰি তেওঁৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব লগা হৈছে। কাৰণ তেওঁৰ খোৱাৰ খৰচ আৰু ব’ৰ্ডে বহন নকৰে।” বদোনিয়ে নেট প্ৰেকটিছলৈও যাব পৰা নাছিল কিয়নো  খেলপথাৰত পঞ্জাৱৰ শিবিৰ চলি আছিল।

লগতে পঢ়কঃ নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি কাৰ্যকৰী মৃত্যুদণ্ড; অন্তিম ২২ মিনিট ধৰি ছটফটাইছিল অপৰাধী!

কোৱা হৈছে যে লক্ষ্ণৌৰ জাৰ্চি পিন্ধি একেৰাহে দুটা ছিজনৰ অন্তত আয়ুসৰ মনোযোগ হেৰাই গৈছে। সেইবাবেই দিল্লীয়ে আয়ুসক শাস্তি দিয়াৰ পথত আগবাঢ়িছে। আনকি বিকল্প হিচাপে খেলা ক্ষীতিজে প্ৰদৰ্শন কৰিব নোৱাৰিলে ডিডিচিএৰ সভাপতি ৰোহন জেটলীয়ে হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে।