NORTHEAST NOW (Assamese)

আমি একটা ক’ব্ৰা! বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত হিংসাত্মক সংলাপ মাতি বিপদত মিঠুন

May 24, 2021 10:15 pm · এন ই নাও নিউজ

অভিনেতা তথা বিজেপি নেতা মিঠুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে কলকাতা আৰক্ষীয়ে।

নিৰ্বাচনী প্ৰচাৰত অভিনেতাজনে প্ৰৰোচনামূলক বক্তব্য ৰখাৰ অভিযোগ কৰি আহিছিল তৃণমূল কংগ্ৰেছে।

৬ মে’ত কলকাতাৰ মানিকতলা থানাত অভিযোগো প্ৰদান কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত তৃণমূল কংগ্ৰেছ আদালতৰ দ্বাৰস্থ হয়।

আদালতৰ আদেশত এজাহাৰ দাখিল হয়।

মিঠুনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ, ৫০৪, ৫০৩ আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ তৰিছে।

উল্লেখযোগ্য যে ৯ মাৰ্চত কলকাতাৰ বিগ্ৰেডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত যোগদান কৰিছিল মিঠুনে।

সেইদিনা নিজৰ বক্তৃতাৰ মাজতে নিজৰ অভিনীত ছবিৰ দুটা জনপ্ৰিয় সংলাপ আওঁৰাইছিল।

তাৰে এটা আছিল- “আমি জলঢোঁড়াও নই, বেলেবোড়োও নেই, আমি জাত গোখরো, এক ছোবলেই ছবি।”

আনটো হৈছে- “আমি একটা কব্ৰা, মারবো এখানে, লাশ পড়বে শ্মশানে’।

তৃণমূলে অভিযোগ কৰে যে মিঠুনে নিৰ্বাচনী প্ৰচাৰত যি সংলাপ কৈছে, সেয়া হিংসা বিয়পোৱাত সহায় কৰিছিল।

আৰক্ষীয়ে ৰুজু কৰা গোচৰটোৰ শুনানি হ’ব ১ জুনত।

Related News