হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ দুই প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰী

Iran arrests prominent actresses ইৰাণত দুমাহ ধৰি হিজাব বিৰোধী প্ৰতিবাদ চলি আছে। চৰকাৰ বিৰোধী প্ৰতিবাদক মুকলিকৈ সমৰ্থন কৰাৰ বাবে আৰক্ষীয়ে দুগৰাকী ইৰানী অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰিছে। হেংগামেহ গাজিয়ানি আৰু কাটায়ুন ৰিয়াহীৰ বিৰুদ্ধে ইৰাণৰ চৰকাৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দাবী কৰা হৈছে যে দুয়োগৰাকী অভিনেত্ৰী হিজাব অবিহনে ৰাজহুৱাভাৱে উপস্থিত হৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে একাত্মতা গঢ়িছিল। গাজিয়ানি আৰু ৰিয়াহী দুয়োগৰাকী কেইবাটাও আন্তৰ্জাতিক বঁটা বিজয়ী অভিনেত্ৰী।

লগতে পঢ়ক: FIFA World Cup 2022: দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল; কোডি গাকপো, ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

তেওঁলোকক ইৰাণী প্ৰচিকিউটৰ কাৰ্যালয়ৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ আগতে গাজিয়ানীয়ে সামাজিক মাধ্যমত তেওঁৰ অন্তিম পোষ্টত লিখিছিল, “যিয়েই নহওঁক, জানি থওক যে মই মোৰ শেষ নিশ্বাস থকালৈকে ইৰাণৰ জনসাধাৰণৰ কাষত থাকিম।” তেওঁ লগতে কৈছিল: “এইটোৱে মোৰ শেষ পোষ্ট হ’ব পাৰে।‘’

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত মাহচা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া মহিলাক হিজাব নিয়ম উলংঘা কৰাৰ বাবে নীতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মাহচা আমিনীৰ তিনিদিন পিছত ১৬ ছেপ্টেম্বৰত মৃত্যু হৈছিল।

জানিব পৰা গৈছিল যে আৰক্ষীৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। অৱশ্যে ইৰাণৰ চৰকাৰী কৰ্তৃপক্ষই কৈছিল যে মাহচা আমিনীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

লগতে পঢ়ক:হিজাব বিৰোধী প্ৰতিবাদত চামিল! বিশ্বকাপত ইৰাণৰ ফুটবলাৰসকলে নাগালে ৰাষ্ট্ৰীয় সংগীত

তেতিয়াৰ পৰাই দেশখনত হিজাব বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে। মানৱ অধিকাৰ কৰ্মীসকলে কৈছে যে ইৰাণত চলি থকা প্ৰতিবাদৰ সময়ত সুৰক্ষা বাহিনীয়ে ৪০০ প্ৰতিবাদকাৰীক হত্যা কৰিছে। তদুপৰি, ১৬,৮০০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইৰাণ চৰকাৰে প্ৰতিবাদত জড়িত থকাৰ বাবে কমেও পাঁচজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড প্ৰদান দিছে।