পেহেলগাম কাণ্ডৰ পিছতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত। এনে পৰিস্থিতিত শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। পাঝোকিয়ানে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এক্স হেণ্ডেলত লিখিছে, “ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফোন কৰি জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই একমত যে এনে আক্ৰমণৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। মানৱতাক বিশ্বাস কৰা সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।”
ইয়াৰ পিছত ভাৰতত থকা ইৰাণৰ দূতাবাসেও নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি দুয়োগৰাকী নেতাৰ মাজত হোৱা কথোপকথনৰ কথা ঘোষণা কৰে। গান্ধী আৰু নেহৰুৰ দৰে কিংবদন্তি ভাৰতীয় নেতাৰ কথা উল্লেখ কৰি পাঝোকিয়ানে কয় যে ইৰাণে এনে শান্তি, বন্ধুত্ব আৰু সহাৱস্থানৰ ৰাষ্ট্ৰদূতক অতিশয় সন্মান কৰে। তেওঁ আশা প্ৰকাশ কৰে যে বিশ্বৰ সকলো দেশৰ সৈতে ভাৰতৰ সম্পৰ্কত এই মনোভাৱ অব্যাহত থাকিব।
ইয়াৰ পূর্বে ইৰাণৰ বৈদেশিক মন্ত্রী ছাইদ আব্বাছ আৰাঘচিয়ে এক্স হেণ্ডেলত পেহেলগাম আক্রমণ সন্দর্ভত প’ষ্ট কৰা দেখা গৈছিল৷ তেওঁ লিখিছে, “ভাৰত আৰু পাকিস্তান ইৰাণৰ দুখন চুবুৰীয়া দেশ। তেওঁলোকৰ সৈতে আমাৰ শতিকা পুৰণি সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আছে। আমি তেওঁলোকক আন যিকোনো প্ৰতিবেশীৰ দৰেই মূল্য দিওঁ। এই কঠিন সময়ত তেহৰানে পাৰ্চী কবি সাদিৰ শাৰীক মনত ৰাখি নতুন দিল্লী আৰু ইছলামবাগৰ মাজত বুজাবুজি বৃদ্ধি কৰিবলৈ সাজু।” তাৰ পিছত তেওঁ কবিতাটোৰ কথা উল্লেখ কৰে। তেওঁ লিখিছে, “মানুহ সকলো সমান/ একেটা সত্তা আৰু আত্মাৰ পৰাই সৃষ্টি হৈছে/ যদি এজনে দুখ পায়/ আনজনেও অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে।”
দৰাচলতে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক কাৰ্যকৰীভাৱে শেষ হৈছে। আক্ৰমণৰ পিছদিনা নতুন দিল্লীয়ে পাকিস্তানৰ সৈতে হোৱা সিন্ধু চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একে সময়তে আট্টাৰীৰ সীমান্তও বন্ধ কৰা হয়। ভাৰতে পাকিস্তানীৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰে। পাকিস্তানৰ সকলো ভিছা বাতিল কৰা হয়।