বুধবাৰে ইৰাণে ইজৰাইল আৰু আমেৰিকাই চলোৱা সামৰিক আক্ৰমণৰ সময়ত ভাৰতে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ইৰাণৰ দূতাবাসে ভাৰতৰ নাগৰিক, ৰাজনৈতিক দল আৰু প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰা “প্ৰকৃত আৰু অমূল্য সমৰ্থনৰ বাবে প্ৰশংসা কৰে যদিও ভাৰত চৰকাৰৰ কথা পোনপতিয়াকৈ উল্লেখ কৰাৰ পৰা বিৰত থাকে।
উল্লেখ্য যে দেওবাৰে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বোমা নিক্ষেপ কৰাৰ পিছত সংঘাত তীব্ৰতৰ হৈ পৰে। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বুধবাৰৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হয়। নতুন দিল্লীয়ে যুদ্ধবিৰতিক আদৰণি জনাই পৰিস্থিতি সমাধানত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
ইৰাণৰ দূতাবাসে ভাৰতৰ ৰাজনৈতিক নেতা, সংসদৰ সদস্য, এন জি অ’, ধৰ্মীয় নেতা, অধ্যাপক, সংবাদ মাধ্যমৰ সদস্য, সমাজ কৰ্মী আৰু ইৰাণক সমৰ্থন কৰা আন লোককে ধৰি ভাৰতৰ সকলো “স্বাধীনতাপ্ৰেমী” জনসাধাৰণৰ প্ৰতি “আন্তৰিক কৃতজ্ঞতা” প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে সামৰিক আক্ৰমণৰ সময়ত শান্তি সমাৱেশত সমৰ্থন আৰু অংশগ্ৰহণৰ বাৰ্তাই ইৰাণৰ জনসাধাৰণক উৎসাহিত কৰিছিল।
দূতাবাসে কয় যে আক্ৰমণৰ মাজত ইৰাণৰ জনসাধাৰণৰ স্থিতিস্থাপকতাই তেওঁলোকৰ গৃহভূমিক সুৰক্ষা প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ বিৰুদ্ধে প্ৰতিৰোধ প্ৰদৰ্শন কৰে। তেওঁলোকে জোৰ দি কয় যে ইৰাণৰ প্ৰতি সমৰ্থন কেৱল ৰাজনৈতিক স্থিতি নহয়; ই ন্যায়, বৈধতা আৰু বিশ্ব শান্তিৰ মূল্যবোধৰ বাবে থিয় দিছে। ইৰাণ ইছলামিক ৰিপাব্লিকে আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষা আৰু আগ্ৰাসী নীতিৰ বিৰোধিতা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দূতাবাসৰ মতে যুদ্ধ, হিংসা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ দেশসমূহৰ মাজত ঐক্য অতি প্ৰয়োজনীয়।