বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!

Iran threatened families of the national soccer team ইৰাণ চৰকাৰে বিশ্বকাপ খেলিবলৈ গৈ কাটাৰত থকা ইৰানী ফুটবল দলৰ খেলুৱৈসকলৰ পৰিয়ালক ভাবুকি প্ৰদান কৰিছে। আন্তৰ্জাতিক সংবাদ মাধ্যম বাতৰিত এই দাবী কৰা হৈছে।

বাতৰি অনুসৰি, কাটাৰৰ আল টুমামা ষ্টেডিয়ামত আজি ইৰাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি হ’ব। এই খেলখনৰ সময়ত খেলপথাৰত থকা ইৰানী ফুটবলাৰসকলৰ ‘আচৰণ’ নিৰীক্ষণ কৰা হ’ব। তেওঁলোকৰ চৰকাৰ বিৰোধী আচৰণ দেখিলে তেওঁলোকৰ পৰিয়ালক ‘লক্ষ্য’ কৰা হ’ব।

লগতে পঢ়ক: চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং

২১ নৱেম্বৰত ইৰাণে বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে খেলিছিল। সেই খেলখনত ইৰাণৰ ফুটবল খেলুৱৈসকলে দেশখনৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পৰা বিৰত থাকে, যিটো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে।

বহুতৰ মতে, বিশ্বকাপৰ মঞ্চত ইৰাণ চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশৰ ফুটবলাৰসকলে ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল।

আন্তৰ্জাতিক সংবাদমাধ্যম চিএনএনৰ মতে, ৰাষ্ট্ৰীয় সংগীতক লৈ সংঘটিত ঘটনাৰ পিছত দেশৰ ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰসকলক ইৰাণৰ ৰিভলিউচনৰী গাৰ্ড কৰ্পছ (আইআৰজিচি)ৰ সদস্যসকলৰ সৈতে বৈঠকলৈ মতা হৈছিল।

লগতে পঢ়ক: বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ

তেওঁলোকক তাত কোৱা হৈছিল যে যদি তেওঁলোকে ৰাষ্ট্ৰীয় সংগীত নগায় বা তেহৰাণ প্ৰশাসনৰ বিৰুদ্ধে কোনো ৰাজনৈতিক প্ৰতিবাদত যোগদান কৰে, তেন্তে তেওঁলোকৰ পৰিয়াল “হিংসা আৰু নিৰ্যাতনৰ” সন্মুখীন হ’বলগীয়া হ’ব পাৰে।