ইৰাকৰ সংসদত ছোৱালীৰ বৈধ বিবাহৰ বয়স ৯ বছৰলৈ আৰু ল’ৰাৰ বৈধ বিবাহৰ বয়স ১৫ বছৰলৈ হ্ৰাস কৰিব পৰা বিতৰ্কিত বিধেয়ক উত্থাপন কৰা হৈছে।
বিধেয়কখনে আৰু নাগৰিকসকলক পাৰিবাৰিক বিষয়ৰ ওপৰত সিদ্ধান্ত ল’বলৈ ধৰ্মীয় কৰ্তৃপক্ষ বা অসামৰিক ন্যায়পালিকাৰ যিকোনো এটা বাছি ল’ব পাৰিব, যাৰ ফলত উত্তৰাধিকাৰ, শিশুৰ তত্ত্বাৱধান আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত আইনী কাৰ্য্যবিধিসমূহক কেনেদৰে ক্ষতিগ্ৰস্ত কৰিব পাৰি সেই সম্পৰ্কে ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে৷
সংবাদ সংস্থা এ এফ পিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিউমেন ৰাইটছ ৱাচৰ (এইচ আৰ ডব্লিউ) গৱেষক চাৰা ছানবাৰে কয় যে এই আইনখন গৃহীত হ’লে এখন দেশ আগলৈ নহয়, পিছুৱাই যোৱা দেখা যাব।
ছানবাৰৰ সংগঠনে চলিত বৰ্ষৰ আৰম্ভণিতে সকীয়াই দিছিল যে ইৰাকৰ ধৰ্মগুৰুসকলে বৰ্তমানৰ আইন উলংঘা কৰি প্ৰতি বছৰে বাল্য বিবাহকে ধৰি হাজাৰ হাজাৰ পঞ্জীয়নবিহীন বিবাহ কৰে।
ইৰাকত যুগ যুগ ধৰি বাল্য বিবাহ চিন্তাৰ বিষয় হৈ আহিছে। ইউনিচেফৰ তথ্য অনুসৰি ২০ৰ পৰা ২৪ বছৰ বয়সৰ ২৮ শতাংশ মহিলাই ১৮ বছৰ বয়সৰ আগতেই বিবাহপাশত আবদ্ধ হৈছিল।ইয়াৰ উপৰিও এই মহিলাসকলৰ ভিতৰত ৭ শতাংশই ১৫ বছৰ বয়স হোৱাৰ আগতেই বিবাহপাশত আবদ্ধ হৈছিল।
ইৰাক উইমেনছ নেটৱৰ্কৰ এডভোকেচি গ্ৰুপৰ পৰা অমল কাবাছিয়ে এএফপিক জনোৱা মতে, ইতিমধ্যে ৰক্ষণশীল সমাজত এই সংশোধনীয়ে “পৰিয়ালৰ বিষয়সমূহৰ ওপৰত পুৰুষৰ আধিপত্যৰ দিশটো উন্মোচিত কৰে”।
সাংসদসকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পাছত জুলাইৰ শেষৰ ফালে সংসদৰ পৰা এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হৈছিল। ৪ আগষ্টত যথেষ্ট ক্ষমতা দখল কৰা ছিয়া ব্লকৰ সমৰ্থনত ইয়াক পুনৰ প্ৰৱৰ্তন কৰা হয়।
এই বিধেয়কখন উত্থাপন কৰা সাংসদ ৰায়দ আল মালিকিয়ে বৈধ বিবাহৰ বয়স হ্ৰাস কৰাৰ কোনো সম্ভাৱনা অস্বীকাৰ কৰিছে। সাংসদগৰাকীয়ে বিগত সময়ছোৱাত বিতৰ্কিত প্ৰস্তাৱৰ আগজাননী দি আহিছে; তেওঁ সমকামিতা আৰু লিংগ পুনৰ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰক অপৰাধমূলক বুলি গণ্য কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
মহিলা অধিকাৰ সংগঠনসমূহে প্ৰস্তাৱিত আইনখনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছে, ইয়াৰ ফলত মহিলাৰ অধিকাৰ পিছুৱাই নিব পাৰে আৰু বাল্যবিবাহক বৈধতা প্ৰদান কৰিব পাৰে। ইৰাকৰ মহিলা সাংসদৰ মিত্ৰজোঁটেও এই বিধেয়কখনৰ বিৰোধিতা কৰে।