NORTHEAST NOW (Assamese)

অগ্নিগৰ্ভ গুৱাহাটীত ৪খনকৈ বাহন জ্বলাই দিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে

December 11, 2019 9:52 pm · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও

অগ্নিগৰ্ভা গুৱাহাটীত সান্ধ্য আইন জাৰি কৰাৰ সময়তে উদণ্ড প্ৰতিবাদকাৰীয়ে জ্বলালে ৪ খনকৈ বাহন।

মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু ডাউন টাউন অঞ্চলত মুঠ ৪ খনকৈ বাহনত অগ্নি সংযোগ কৰে।

জুইত সম্পূৰ্ণ ৰূপে জাহ যায় এখন চিটি বাছ, এখন ক্ৰেনৰ লগতে দুখনকৈ ব্যক্তিগত বাহন।

ইয়াৰোপৰি উদণ্ড প্ৰতিবাদকাৰীয়ে ক্ষোভৰ উদ্গীৰণ ঘটাই গণেশ গুৰি অঞ্চলৰ পৰা খানাপাৰালৈকে সকলো ৰাজহুৱা সম্পত্তি ধ্বংস কৰি জ্বলাই দিয়ে ৰাজপথত।

ফটো: নৰ্থইষ্ট নাও

বৰ্তমান সময়ত খানাপাৰা অভিমুখে অগ্ৰসৰ হৈ আছে প্ৰতিবাদকাৰী সকল।

আৰক্ষীয়ে শূণ্যলৈ গুলি চলাই, ৰাবাৰ বুলেট নিক্ষেপ কৰিও ক্ষান্ত কৰিব পৰা নাই উদণ্ড প্ৰতিবাদকাৰীক। বিপৰীতে ক্ষান্ত কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে।

আনকি যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ বাহন ক্ষতি সাধন কৰাৰ লগতে কনভয়ৰ বাহনতো আক্ৰমণ কৰে।

আক্ৰমণত এজন আৰক্ষী জোৱানে মূৰত গুৰুতৰভাৱে আঘাত পায়।

Related News