Ireland’s Joshua Little takes a brilliant hat-trick চলিত আইচিচি টী-২০ বিশ্বকাপ ২০২২ত হেট্ৰিক অৰ্জন কৰা আয়াৰলেণ্ডৰ জছ লিটল দেশখনৰ দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বাওঁহতীয়া আইৰিছ ফাষ্ট বলাৰগৰাকীয়ে একেৰাহে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত সংযুক্ত আৰৱ আমিৰাতৰ কাৰ্তিক মেয়াপ্পানে শ্ৰীলংকাৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰিছিল।
টী-২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা জছ লিটল হৈছে দ্বিতীয়গৰাকী আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ। ২০২১ চনৰ টী-২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা কাৰ্টিছ কাম্ফাৰ প্ৰথম আইৰিছ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। সোঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে যোৱা বছৰ নেডাৰলেণ্ডছৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল।
এডিলেডত শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯ তম অভাৰত লিটলে হেট্ৰিক কৰে। অভাৰৰ দ্বিতীয় বলত কেন উইলিয়ামছন আউট হয়। তৃতীয় বলটোত ২৩ বছৰীয়া লিটলে জিমি নিছামক ঘূৰাই পঠিয়ায়। সেইদৰে, চতুৰ্থ বলটোত তেওঁৰ চিকাৰ হয় মিচেল চেণ্টনাৰ। তেওঁৰ হেট্ৰিকৰ বাবে নিউজিলেণ্ডৰ ইনিংছ ২০ অভাৰত ৬ উইকেটত ১৮৫ ৰাণত সমাপ্ত হয়।
অভাৰৰ দ্বিতীয় বলত বাওঁহতীয়া আইৰিছ পেচাৰগৰাকীয়ে উইলিয়ামছনৰ উইকেট দখল কৰে। কিৱি অধিনায়কজন হঠাতে মন্থৰ গতিৰ দ্বাৰা বিব্ৰত হৈ পৰে। বলটো বেটত সঠিকভাৱে লগা নাছিল। গেৰেথ ডেলানিয়ে ডিপ স্কোৱেৰ লেগত কেচটো আয়ত্ব কৰে।
পৰৱৰ্তী বলটোত নিছাম ড্ৰেছিং ৰুমলৈ উভতি যায়। তেওঁ এলবিডব্লিউ হৈছিল। নিছামে ৰিভিউ লৈছিল যদিও কোনো লাভ নহ’ল। পৰৱৰ্তী বলটোত চেণ্টনাৰও এলবিডব্লিউ হয়। তেওঁৱো ৰিভিউ লয় যদিও অৱশেষত আম্পায়াৰে আউট হোৱাৰ সিদ্ধান্তই দিয়ে।