• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰফান খান : সাধাৰণৰ পৰা অসাধৰণলৈ এক অবিস্মৰণীয় যাত্ৰা

ভাস্কৰ কলিতা by ভাস্কৰ কলিতা
April 30, 2020 2:48 pm
পদ্মশ্ৰী বঁটা গ্ৰহণৰ সময়ত

পদ্মশ্ৰী বঁটা গ্ৰহণৰ সময়ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউদৰ যশস্বী তথা পদ্মশ্ৰী সন্মানৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেতা ইৰফান খানৰ ২৯ এপ্ৰিলত ৫৪ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হাস্পতালত বিয়োগ ঘটে।

অভিনেতা ইৰফান খানৰ ১৯৬৭ চনৰ ৭ জানুৱাৰিত ৰাজস্থানৰ টংক জিলাৰ এটা পাঠান পৰিয়ালত জন্ম হৈছিল। ইৰফানৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে য়াছেন আলি খান আৰু চৈয়দা বেগম খান। পিতৃ য়াছেন আলি খানৰ ৰাজস্থানতে টায়াৰ ব্যৱসায় আছিল।

ৰাজস্থানৰ টংক জিলাত ইৰফান খানে নিজৰ শৈশৱ অতিবাহিত কৰিছিল। অভিনয়ৰ লগতে এগৰাকী সুদক্ষ ক্ৰিকেটাৰ হিচাপে ইৰফান খানে ২৩ বছৰ অনুৰ্ধ চি কে নাইডু ট্ৰ’ফীত ৰাজস্থানৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল যদিও ভ্ৰমণৰ ব্যয় বহন কৰিব নোৱাৰা বাবে তেওঁ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পৰা নাছিল।

সৰুৰে পৰা অভিনয়ৰ প্ৰতি হেপাহ থকা ইৰফান খানে ১৯৮৪ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণৰ বাবে নামভৰ্তিৰ পূৰ্বে জয়পুৰত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত ইৰফান খানে মুম্বাইত প্ৰতিষ্ঠাৰ বাবে সংঘৰ্ষত নামি পৰে। তেও প্ৰথম অৱস্থাত ঘৰে ঘৰে গৈ এয়াৰ কণ্ডিশ্যনাৰ মেৰামতিৰ কাম কৰিছিল আৰু এদিন তেওঁৰ আদৰ্শ ৰাজেশ খান্নাৰ ঘৰত আকস্মিকভাৱে উপস্থিত হয় অভিনেতা গৰাকীৰ সান্নিধ্য লাভ কৰে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছতে ইৰফান খানে মীৰা নায়াৰৰ ‘চালাম বোম্বে’ত এটা সৰু চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেও দুৰদৰ্শনৰ এখন নাটকত লেলিনৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত ১৯৯০ চনলৈ ইৰফান খানে ‘চানক্য’, ‘ভাৰত এক খোজ’, ‘চাৰা জাহান হামাৰা’, ‘বনেগী আপনে বাট’, ‘চন্দ্ৰকান্তা’, ‘শ্ৰীকান্তকে’ আদি কৰি ভালেকেইখন ধাৰাবাহিকত শক্তিশালী অভিনয় কৰিছিল।

১৯৮৯ চনত ইৰফানে ৰূপা গাংগুলীৰ বিপৰীতে বসু চেতাৰ্জীৰ চলচ্চিত্ৰ ‘কমলা কি মউট’ত অভিনয় কৰিছিল।

১৯৯০ চনত ‘এক ডক্টৰ কি মউট’, ১৯৯৮ চনত ‘চাক্স এক লং জাৰ্ণি’ আদি চলচ্চিত্ৰত অভিনয় কৰিছিল যিবোৰ দৰ্শকৰ নজনাকৈ থাকি গৈছিল।

১৯৯৮ চনত সঞ্জয় খান্নাৰ ধাৰাবাহিক জয় হনুমানত ইৰফান খানে বাল্মিকীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।

২০০০ চনৰ পাছৰ পৰা ইৰফান খান বলিউদৰ জনপ্ৰিয় অভিনেতা হিচাপে ৰাইজৰ মাজত পৰিগণিত হবলৈ আৰম্ভ কৰে।

ইয়াৰ মাজতে ইৰফান খানে ১৯৯৫ চনত সুতাপা সিকদাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

২০০৩ চনত ইৰফান খানে তিমাংশু ধুলিয়াৰ ‘হাচিল’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০৪ চনত ‘মকবুল’ আৰু ২০০৫ চনত ‘ৰোগ’ চলচ্চিত্ৰখনৰ মাধ্যমেৰে ইৰফানে বাণিজ্যিত চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।

ৰোগ চলচ্চিত্ৰখনত ইৰফানৰ অভিনয় চলচ্চিত্ৰ সমালোচক সকলৰ দ্বাৰা উচ্চভাৱে প্ৰশংসিত হৈছিল। হাচিলত কৰা অভিনয়ৰ বাবে তেও শ্ৰেষ্ঠ খলনায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

২০০৭ চনত ইৰফান খানে বক্স অফিচ হিট ছবি ‘দ্যা নেমছেক’ আৰু ‘লাইভ ইন এ মেট্ৰ’ত অভিনয় কৰিছিল। উক্ত বৰ্ষতে তেও শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

২০০৮ চনত ইৰফান খানে অভিনয় কৰা ‘শ্লাম ড’গ মিলিয়নাৰ’ ছবিখনে অস্কাৰ শিতানত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল।

২০০৮ চনত তেও মুম্বাই মেৰে জান নামৰ ছবিখনত সুন্দৰ অভিনয় কৰে।

২০১০ চনত ইৰফানে এইচ বি অ’ চিৰিজৰ ইন ট্ৰিটমেণ্টতো অভিনয় কৰে।

অভিনয় জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইৰফান খানলৈ ২০১১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়ায়।

২০১২ বৰ্ষতো অভিনেতা ইৰফান খানৰ অভিনয় কেৰিয়াৰৰ বাবে এটা উল্লেখযোগ্য বৰ্ষ। ২০১২ বৰ্ষত ইৰফান খানে ‘পান সিং টোমাৰ’ত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ২০১২ বৰ্ষতে ইৰফান অভিনীত হলীউদৰ জনপ্ৰিয় আৰু মননশীল চলচ্চিত্ৰ ‘আমেইজিং স্পাইডাৰমেন’ আৰু লাইভ অফ এ পাই মুক্তি লাভ কৰে।

২০১৩ চনত ইৰফান খানৰ আন এখন জনপ্ৰিয় ছবি ‘দ্যা লাঞ্চ বক্স’ মুক্তি পায়। লাঞ্চ বক্স চলচ্চিত্ৰখনে ভাৰতীয় চলচ্চিত্ৰ জগতৰ সমালোচক সকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰে।

২০১৪ চনত খানে আংশিকভাৱে সফল ছবি ‘গুণ্ডে’ আৰু ‘হায়দৰত’ অতিথি শিল্পী হিচাপে অভিনয় কৰে।

২০১৫ বৰ্ষত অমিতাভ বচ্চনৰ সৈতে একেলগে অভিনয় কৰা চলচ্চিত্ৰ পিকু আৰু হলীউদৰ আন এখন চলচ্চিত্ৰ জুৰাচিক ৱৰ্ল্ডে মুক্তি লাভ কৰে। ২০১৫ বৰ্ষতে ইৰফানে ঐশ্বৰ্য্য ৰায়ৰ সৈতে ‘জজবা’ নামৰ ছবিখনতো ভূমুকি মাৰে।

২০১৬ চনত ইৰফানে ‘ইনফেৰনো’, ‘মাদাৰী’ আদি ছবিত সফল অভিনয় কৰে।

২০১৭ চনত ইৰফান খানৰ ‘কৰিব কৰিব চিংগল’ৰ লগতে আন এখন অন্যতম সফল ছবি ‘হিন্দী মিডিয়াম’ চলচ্চিত্ৰ গৃহলৈ আহে।

হিন্দী মিডিয়ামত কৰা অভিনয়ৰ বাবে তেও ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।

২০১৮ চনত ‘কাৰৱা’ আৰু ‘ব্লেকমেইল’ নামৰ চলচ্চিত্ৰ দুখনতো ইৰফানে অভিনয় কৰে।

ইয়াৰ মাজতে দুটা বছৰ কৰ্কট ৰোগৰ সৈতে যুঁজা ইৰফান খানৰ জীৱনৰ অন্তিমখন চলচ্চিত্ৰ ‘ইংৰাজী মিডিয়া’মে ২০২০ বৰ্ষৰ ১৩ মাৰ্চত চলচ্চিত্ৰগৃহত মুক্তি লাভ কৰে।

অভিনয় কেৰিয়াৰৰ শীৰ্ষসময়ছোৱাতে মাত্ৰ ৫৪ বছৰ বয়সত জীৱন নাটৰ সামৰণি মৰা ইৰফান খানে মৃত্যুৰ সময়ত পত্নীৰ লগতে দুজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।

প্ৰতিভাশালী অভিনেতা গৰাকীৰ মৃত্যুত সমগ্ৰ বলিউদৰ লগতে ক্ৰিকেট বিশ্ব আৰু দেশৰ ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ চলচ্চিত্ৰ প্ৰেমীলৈ সকলোৱে গভীৰ শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ১৯৯২­­­­­­-৯৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ বিখ্যাত অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস ‘মৃত্যুঞ্জয়’ৰ চাৰুকমল হাজৰিকাই কৰা দূৰদৰ্শনৰ হিন্দী ধাৰাবাহিকত ইৰফান খানে ৰূপায়ন কৰা ধনপুৰৰ চৰিত্ৰটো প্ৰতিগৰাকী অসমীয়াৰ মনত সজীৱ হৈ ৰ’ব।

ভাস্কৰ কলিতা

ভাস্কৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd