ইৰাণৰ ওপৰত ইজৰাইলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। দেওবাৰে এই আক্ৰমণত নিহত হৈছে ইৰাণৰ সুসজ্জিত বাহিনী ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ চোৰাংচোৱা শাখাৰ মুৰব্বীৰ। এই আক্ৰমণত ইৰাণৰ দুজন জেনেৰেলও নিহত হয়।
ইৰাণৰ তাছনিম সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত নিহত হৈছে আই আৰ জি চিৰ চোৰাংচোৱা শাখাৰ মুৰব্বী মহম্মদ কাজমিৰ। ইজৰাইলৰ আক্ৰমণত তেওঁৰ ডেপুটি হাছান মহকেক নিহত হোৱা বুলিও ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে প্ৰকাশ কৰে। তেহৰাণত থকা চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়ত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে চোৰাংচোৱা বিষয়া মহচেন বাঘেৰীও।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও দাবী কৰে যে আই আৰ জি চিৰ চোৰাংচোৱা শাখাৰ মুৰব্বী আৰু তেওঁৰ সহায়কক হত্যা কৰা হৈছে। ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই দাবী কৰে।
শুকুৰবাৰৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইৰাণৰ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী। সেই দেশৰ সামৰিক মুখ্য কাৰ্যালয়ত আক্ৰমণত তেওঁ নিহত হৈছিল।
এই আক্ৰমণত ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ জেনেৰেল হোছেইন চালামী আৰু অন্যান্য উচ্চপদস্থ বিষয়াও নিহত হয়। দুজন পাৰমাণৱিক বিজ্ঞানীৰো মৃত্যু হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইজৰাইলৰ আক্ৰমণ ইৰাণৰ মৃত্যুৰ সংখ্যা দ্ৰুত বৃদ্ধি পাইছে। ইৰানে দাবী কৰিছে যে দেওবাৰলৈকে ইজৰাইলৰ বিমান আক্ৰমণত তেওঁলোকৰ দেশৰ ২২৪ জন লোক নিহত হৈছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে মৃত্যু হোৱা লোকসকলৰ প্ৰায় ৯০ শতাংশই সাধাৰণ নাগৰিক। এই আক্ৰমণত ১২৭০ৰো অধিক লোক আহত হয়। যদিও কেইবাটাও মানৱ অধিকাৰ সংস্থাই দাবী কৰিছে যে মৃত্যুৰ সংখ্যা ৪০০ অতিক্ৰম কৰিছে।
আনহাতে, ইৰাণেও ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। ইৰাণেও যোৱা শুকুৰবাৰৰ পৰা ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। দেওবাৰে নেতানিয়াহু চৰকাৰে এই আক্ৰমণত এই পৰ্যন্ত ১৪ জন লোক নিহত হোৱা বুলি জানিবলৈ দিয়ে।
ইৰাণৰ উপ-বিদেশ মন্ত্ৰী ছাইদ খাতিবজাদে দেওবাৰে কয় যে ইজৰাইলে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ এটা অট্টালিকাত আক্ৰমণ চলাইছে। ছ’চিয়েল মিডিয়াত ছাইদ খাতিবজাদেহে দাবী কৰে যে ইজৰাইলে তেহৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ পুথিভঁৰালত “পৰিকল্পিত আৰু অবিবেচক” আক্ৰমণ চলাইছে। তেওঁ লগতে কয় যে এই আক্ৰমণত কেইবাজনো সাধাৰণ নাগৰিক আহত হৈছে। তেওঁ দাবী কৰে যে ইজৰাইলে যি কৰি আছে সেয়া আচলতে যুদ্ধাপৰাধ।
ইপিনে, ইজৰাইলে দাবী কৰে যে তেওঁলোকৰ ফালে আহি থকা এশৰো অধিক ইৰাণৰ ড্ৰ’ন ই ধ্বংস কৰিছে। ইৰাণৰ ওপৰত মিছাইল নিক্ষেপ কৰা হৈছে বুলিও ইজৰাইলী সেনাই জানিবলৈ দিয়ে।