NORTHEAST NOW (Assamese)

৪০ বছৰৰ পিছত মাহেকীয়া অনিয়মিত হোৱা মানেই নহ’বও পাৰে ৰজোনিবৃত্তি : হ’ব পাৰে কেন্সাৰৰ লক্ষণ

April 6, 2024 7:10 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 5, 2024 9:00 pm

৪০ বছৰৰ পিছত মাহেকীয়া অনিয়মীয়া হোৱাৰ অৰ্থ ৰজোনিবৃত্তি নহবও পাৰে। ই হ’ব পাৰে কেন্সাৰৰ লক্ষণ। ঋতুচক্ৰ সদায়ে নিয়মীয়া নহয়। কেতিয়াবা নিয়মীয়াকৈ ৰক্তক্ষৰণ হয়, কেতিয়াবা নহয়।

কেতিয়াবা মাহৰ মাজ ভাগত আৰু কেতিয়াবা মাহৰ শেষৰ ফালেও ৰক্তক্ষৰণ হ’ব পাৰে। কেতিয়াবা মাহেকীয়া হ’লেও ভালকৈ ৰক্তক্ষৰণ নহয়।

মধ্যবয়সত ঋতুস্ৰাৱৰ সমস্যা কিয় হয়? এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহিছে। ইয়াৰ দুটা কাৰণ থাকিব পাৰে। ৰজোনিবৃত্তিৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে অনিয়মিত মাহেকীয়া হ’ব পাৰে। এই অনিয়মীয়া মাহেকীয়া কেন্সাৰৰ বাবেও হ’ব পাৰে।

মহিলাৰ ক্ষেত্ৰত হোৱা অন্যতম কৰ্কট ৰোগ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। প্ৰতি বছৰে লাখ লাখ মহিলা এই কৰ্কট ৰোগত আক্ৰান্ত হয়। এই কেন্সাৰ মূলতঃ হিউমেন পেপিলোমা ভাইৰাছ (HPV)ৰ দ্বাৰা হয়। এই ভাইৰাছ অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে নাৰীৰ শৰীৰত প্ৰৱেশ কৰে। 

বেছিভাগ মহিলাই যৌন সমস্যাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈ ভয় কৰে। যৌন সম্পৰ্কৰ সময়ত বিষ আৰু বিৰক্তিৰ দৰে সমস্যা মহিলাসকলে পৰিহাৰ কৰে। ইয়াৰ উপৰিও অনিয়মিত ঋতুস্ৰাৱৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ৰজোনিবৃত্তিৰ সীমাত উপনীত হ’লে মাহেকীয়া অনিয়মিত হৈ পৰে। 

লগতে মধ্য বয়সত ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনাও বেছি। গতিকে যৌনাংগৰ বিষ হওক বা অনিয়মিত ঋতুস্ৰাৱ হওক, কোনো লক্ষণক আওকাণ নকৰিব। 

যদি আপুনি কম বয়সতে বিয়া হয়, অতি কম বয়সৰ পৰা যৌন সম্পৰ্ক স্থাপন কৰে, একাধিক যৌন সঙ্গী কৰে, পাঁচ বছৰতকৈ অধিক সময় জন্ম নিয়ন্ত্ৰণৰ বড়ি ব্যৱহাৰ কৰে, প্ৰচণ্ড ধূমপান কৰে, একাধিকবাৰ গৰ্ভধাৰণ কৰে, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই নাৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হয় তেন্তে আপুনি ছাৰ্ভাইকেল কেন্সাৰৰ দ্বাৰা  আক্ৰান্ত হ’ব পাৰে। 

বিষ আৰু অত্যধিক ৰক্তক্ষৰণ, অনিয়মিত ঋতুস্ৰাৱ, দুৰ্গন্ধযুক্ত ৰক্তক্ষৰণ আদি ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ। যদি মধ্যবয়সত অস্বাভাৱিক বগা স্ৰাৱ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। ইয়াৰ উপৰিও যৌন সম্পৰ্কৰ সময়ত যদি অস্বাভাৱিক বিষ হয় তেন্তে সেয়া ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

Related News