টিৰাপ মৌজাৰ অন্তৰ্গত বিভিন্ন ৰাজহ গাঁৱত গাওঁবুঢ়া নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ

প্ৰতিনিধিত্বমূলক ছবি

তিনিচুকীয়া জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও মৌজাৰ কেইবাখনো ৰাজহ গাঁৱৰ গাওঁবুঢ়া পদ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

উক্ত নিযুক্তি প্ৰক্ৰিয়া বৰ্তমানে অন্তিম পৰ্য্যায়ত আছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়াৰ চূড়ান্ত তালিকা উপায়ুক্ত কাৰ্য্যালয়ে সাজু কৰি তুলিছে। উক্ত তালিকাত যিসকল ব্যক্তিক বিভিন্ন গাঁৱৰ গাওঁবুঢ়া পদৰ বাবে নিৰ্বাচন কৰা হৈছে সেইসকলৰ ভিতৰত কেইবাখনো গাঁৱৰ গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী নীতি-নিয়ম আছিল সেই সকলো বোৰ জলাঞ্জলি দি সম্পূৰ্ণ নীতি বহিৰ্ভূত ভাৱে গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ আনিছে কেইবাখনো গাঁৱৰ ৰাইজে।

এই তথ্য পোহৰলৈ আহিছে ১নং আৰু ২নং টিৰাপ গাঁৱৰ গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত। এই দুয়োখন গাঁৱৰ গাওঁবুঢ়া পদবীৰ বাবে গামচাম কীয়াঙ নামৰ এজন যুৱকক উপায়ুক্ত কাৰ্য্যালয়ে নিৰ্বাচন কৰি তালিকাভুক্ত কৰিছে।

এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগেই যোৱা ইংৰাজী১৩-০৮-২০২১ তাৰিখে টিৰাপৰ বহু সংখ্যক স্থানীয় লোকে আপত্তি দৰ্শাই তিনিচুকীয়া জিলাৰ উপায়ুক্তক আৱেদন জনায়।

টিৰাপবাসী ৰাইজৰ অভিযোগ অনুসৰি গামচাম কীয়াঙ নামৰ যুৱক জন টিৰাপবাসী ৰাইজৰ অপৰিচিত ব্যক্তি আৰু তেখেত টিৰাপৰ স্থানীয় লোক নহয় তাৰোপৰি গামচাম কীয়াঙ নামৰ ব্যক্তি জনৰ টিৰাপৰ কোনো এখন নিৰ্বাচনী ভোটাৰ তালিকাত নাম নাই বুলি জনাই কি তথ্যৰ ভিত্তিত তেখেতক টিৰাপৰ গাওঁবুঢ়া পদবীৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি আপত্তি দৰ্শায়।

কিয়নো চৰকাৰী নিয়ম অনুযায়ী এখন ৰাজহ গাঁৱৰ গাওঁবুঢ়া নিৰ্বাচিত হবলৈ হলে ব্যক্তিজন উক্ত গাঁওখনৰ অতিকমেও ২০ বছৰৰ বাসিন্দা হোৱাৰ লগতে সেই গাওঁখনৰ নিৰ্বাচনী ভোটাৰ তালিকাত নাম থাকিব লাগিব।

ইয়াৰোপৰি ব্যক্তিজনৰ নিজৰ নামত নাইবা বংশৰ কোনো লোকৰ নামত ম্যাদী পট্টা থকাটো বাঞ্চনীয় হোৱাৰ লগতে ব্যক্তিজন বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত থকাৰ উপৰিও সকলোৰে পৰিচিত ব্যক্তি হব লাগে।

তেনে ক্ষেত্ৰত গামচাম কীয়াঙ নামৰ ব্যক্তিজন কোনো কাৰণতেই টিৰাপৰ গাওঁবুঢ়া পদবীৰ বাবে যোগ্য ব্যক্তি হ’ব নোৱাৰে বুলি স্থানীয় ৰাইজে দাবী তুলিছে। টিৰাপ বাসী ৰাইজৰ আৱেদন মৰ্মে উক্ত বিষয়টো তদন্ত কৰিবলৈ তিনিচুকীয়া জিলাৰ গাওঁবুঢ়া শাখাৰ অতিৰিক্ত উপায়ুক্তই যোৱা ইংৰাজী ০১ছেপ্টেম্বৰ২০২১ তাৰিখে চিঠি নং TRC.10/2018-19/161. মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।

এই তদন্ত প্ৰক্ৰিয়া  সঠিক ভাৱে আগবঢ়াই এজন স্থানীয় সমাজ সচেতন ব্যক্তিক গাওঁবুঢ়া হিচাপে নিযুক্তি দিবৰ বাবে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াক টিৰাপ বাসী ৰাইজে আহ্বান জনোৱাৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়।