বন্দনা দেউৰী ডিআৰআইৰ গুৱাহাটী মাণ্ডলিক গোটৰ এডিজিৰ দায়িত্বত

t-3-1140x570

ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া বন্দনা দেউৰীক ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক গোটৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ প্ৰদান কৰা হৈছে। দেউৰীক  ২৯ অক্টোবৰ সোমবাৰে এই দায়িত্ব দিয়া হৈছে।

দেউৰীয়ে গুৱাহাটী মাণ্ডলিক গোটৰ পূৰ্বৰ অতিৰিক্ত সঞ্চালক প্ৰধান, আৰতীয় ৰাজহ সেৱাৰ বিষয়া দীপাংকৰ আৰণৰ পৰা দায়িত্বভাৰ সমজি লয়। দীপাংকৰ আৰণ কলকাতা মাণ্ডলিক গোটৰ দায়িত্বৰ উপৰিও একে সময়তে গুৱাহাটী মাণ্ডলিক গোটৰ দায়িত্বভাৰো সম্ভালি আছিল।

উল্লেখ্য যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিগত কেই বছৰ মানত উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰি আছে। সঞ্চালকালয়ৰ প্ৰভাৱতেই এলেকাটোত চোৰাং কাৰবাৰ আৰু ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰা গৈছে বুলি এক চৰকাৰী সংবাদ বিজ্ঞপ্তিত প্ৰকাশ।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে উত্তৰ-পূৰ্বাঞ্চলত  ইয়াৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে  ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ কলকাতা মাণ্ডলিক গোটৰ পৰা কাটি আনি গুৱাহাটী গোটটো গঠন কৰা হৈছে।

শেহতীয়াভাৱে ইয়াৰ এক্তিয়াৰৰ অন্তৰ্ভুক্ত আঞ্চলিক আৰু উপ-আঞ্চলিক গোটসমূহলৈ গুৱাহাটী গোটটোক এটা মাণ্ডলিক গোটলৈ উন্নীত কৰা হৈছে। ইয়াৰ উপ-মাণ্ডলিক কাৰ্যালয়সমূহ ইটানগৰ, ডিমাপুৰ, শ্বিলং, আগৰতলা, আইজল, ইম্ফল আৰু শিলচৰকেধৰি  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন গুৰুত্বপূৰ্ণ মহানগৰ আৰু চহৰত স্থাপন কৰা হৈছে।

সংবাদ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ উত্তৰ-পূৰ্বাঞ্চলীয় গোটসমূহে শেহতীয়াভাৱে সোণ, নিচাযুক্ত ঔষধ, বন্যপ্ৰাণী, বৈদ্যুতিন সামগ্ৰী আদিকে ধৰি চোৰাংভাৱে সৰাবৰাহ কৰা বিভিন্ন সামগ্ৰী ধৰা পেলাই প্ৰায় ৩০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে।