লকডাউনত স্তব্ধ FCI : ভয়াৱহ খাদ্য সংকটত ভূগিব নেকি অসম তথা উত্তৰ-পূব?

WhatsApp Image 2020-07-02 at 5.42.13 PM

গুৱাহাটী মহানগৰীত হোৱা মহামাৰী কৰ’না ভাইৰাছৰ ভয়াৱহ গণসংক্ৰমণৰ বাবে এতিয়া চলি আছে ১৪ দিনীয়া সম্পূৰ্ণ লকডাউন। উত্তৰ-পূবৰ ‘হৃদপিণ্ড’ স্বৰূপ গুৱাহাটীৰ এই লকডাউনৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোত পৰাটো স্বাভাৱিক।

মহানগৰীৰ এই লকডাউনৰ বাবেই স্তব্ধ হৈ পৰিছে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মণ্ডল। যাৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰত এতিয়া ভয়াৱহ খাদ্য সংকটৰ দিশে গতি কৰাৰ উপক্ৰম হৈছে।

লকডাউনৰ এই সময়ছোৱাত বন্ধ ৰখা হৈছে গুৱাহাটীৰ উলুবাৰীত থকা ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মাণ্ডলিক কাৰ্যালয়। যোৱা ২৮ জুনৰ পৰাই বন্ধ আছে সমগ্ৰ উত্তৰ-পূবৰ এফ চি আইৰ সকলো কামকাজ পৰিচালনা কৰা এই কাৰ্যালয়টো।

সমান্তৰালভাবে বন্ধ ৰখা হৈছে কামৰূপৰ চাংসাৰীত থকা এফ চি আইৰ উত্তৰ-পূবৰ সৰ্ববৃহৎ গুডামটো। চাংসাৰীৰ এই গুডাম থকা ঠাইখিনি যদিও লকডাউন জাৰি থকা অঞ্চলৰ বাহিৰত, তথাপিতো মহানগৰীত লকডাউন চলি থকাৰ ফলত এই গুডামটো পৰিচালনাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ বাবেই ইয়াক বন্ধ ৰাখিছে এফ চি আইয়ে।

চাংসাৰীৰ এই গুডামটোৰ সৰ্বমুঠ বহন ক্ষমতা প্ৰায় ৫০ হাজাৰ মেট্ৰিক টন। এই গুডামত মুঠ ১০ টা খণ্ড আছে আৰু প্ৰতিটো খণ্ডৰ বহন ক্ষমতা প্ৰায় ৫ হাজাৰ মেট্ৰিক টন। এই গুডামৰ পৰাই অসমৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্যলৈ এফ চি আইয়ে অধিকাংশ খাদ্য সামগ্ৰীৰ যোগান ধৰে।

একেদৰে এফ চি আইয়ে বন্ধ ৰাখিছে নিউ গুৱাহাটীত থকা ৩৪ হাজাৰ মেট্ৰিক টন বহনক্ষম গুডামটোও। এই দুয়োটা বৃহৎ গুডাম বন্ধ ৰখাৰ ফলত অতি কম দিনৰ ভিতৰতেই সমগ্ৰ উত্তৰ-পূবত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নাটনি হোৱাৰ তীব্ৰ শংকাই দেখা দিছে।

উল্লেখ্য যে, দেশৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ দায়িত্ব থকা ৰাজহুৱা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এই সংস্থাটোৰ মাণ্ডলিক কাৰ্যালয়টো এইবাৰ প্ৰথমবাৰৰ বাবে এইদৰে বন্ধ ৰখা হৈছে।

কেৱল মাণ্ডলিক কাৰ্যালয় বা গুডামেই নহয়, ১৪ দিনিয়া লকডাউনত চাংসাৰী আৰু নিউ গুৱাহাটীত ৰে’লৰ পৰা সামগ্ৰী ‘আনলোড’ কৰা প্ৰক্ৰিয়াও বন্ধ হৈ আছে। গুৱাহাটীৰ উপৰিও অসমৰ আন ঠাইটো এফ চি আইৰ খাদ্য সামগ্ৰী ৰে’লৰ পৰা ‘আনলোড’ প্ৰক্ৰিয়াত অসুবিধা আহি পৰিছে।

অসমৰ এফ চি আইৰ ৰে’লেৰে অহা সামগ্ৰীৰ আন আন ঠাইত থকা ‘আনলোডিং পইন্ট’ যেনে- তিনিচুকীয়া, যোৰহাট, ফৰকাটিং, নগাঁও, বৰপেটা ৰোড, টংলা, বিন্দুগুৰি, লখিমপুৰ, ধেমাজী, হাইলাকান্দি আৰু শিলচৰত শনিবাৰ আৰু দেওবাৰে লকডাউন থাকে। সেই দুটা বাৰত ৰে’ল আহিলে ‘আনলোড’ সম্ভৱ নহয়।

মহানগৰীত এতিয়া COVID19 ৰ গণসংক্ৰমণে অতি ভয়াৱহ ৰূপ লৈছে। গুৱাহাটীত এতিয়ালৈ কৰ’নাত আক্ৰান্তৰ মুঠ সংখ্যা প্ৰায় দুহেজাৰ জন হৈছে আৰু ৭ জন আক্ৰান্তৰ মৃত্যু হৈছে। এই সময়ছোৱাত লকডাউনৰ জৰিয়তে সামাজিক দূৰত্ব ৰখাটোৱেই সংক্ৰমণ ৰোধ একমাত্ৰ উপায় হৈ পৰিছে।

এনে পৰিস্থিতিত আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমান্তৰালকৈ এফ চি আইয়ে কাৰ্যালয় তথা গুডাম বন্ধ ৰাখিছে। কিন্তু এফ চি আইৰ দৰে অত্যৱশ্যকীয় সেৱাৰ দায়িত্ব থকা এটা প্ৰতিষ্ঠানত এইদৰে স্তব্ধতা অহা বিষয়টো অতি চিন্তনীয়। ইয়াৰ ফলত কম দিনৰ ভিতৰতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভয়াৱহ খাদ্যৰ নাটনি আৰু সমান্তৰালকৈ সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে এনে আশংকাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে এফ চি আইৰ উত্তৰ-পূবৰ মণ্ডলৰ কাৰ্যবাহী প্ৰৱন্ধক অনুৰাগ গুপ্তাই।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত গুপ্তাই কয়, ‘‘চৰকাৰী নিৰ্দেশ অনুসৰি এফ চি আইৰ কামকাজ বন্ধ ৰখা হৈছে যদিও গুৱাহাটীৰ ভিতৰতহে ইয়াৰ প্ৰভাৱ পৰিব। আমি লগতে অত্যাৱশ্যকীয় সেৱা হিচাপে এফ চি আইৰ বাবে এই লকডাউনৰ নীতি-নিয়ম শিথিল কৰি দিবলৈ চৰকাৰলৈ আবেদন জনাইছো আৰু চৰকাৰে আমাৰ আবেদন বিবেচনা কৰিছে।’’

লগতে কামৰূপ মহানগৰ জিলাৰ বাহিৰত থাকিলেও পৰিচলনাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ বাবে চাংসাৰীৰ গুডামটো বন্ধ ৰখা হৈছে যদিও ইয়াৰ কামকাজ সোনকালে আৰম্ভ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও উত্তৰ-পূবত হ’ব পৰা খাদ্য সংকট দূৰ কৰিবলৈ প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা এফ চি আইয়ে ল’ব পাৰিব বুলিও উত্তৰ-পূব মণ্ডলৰ কাৰ্যবাহী প্ৰৱন্ধকগৰাকীয়ে মন্তব্য কৰে।